গুৱাহাটী, ১৭ অক্টোবৰ, ২০২৩ : ৰে’লৱে সুৰক্ষা আয়ুক্ত (চিআৰএছ)/এনএফ চাৰ্কোল শুভময় মিত্ৰই ১৭ অক্টোবৰ, ২০২৩ তাৰিখে ধুপধৰা আৰু বামুনীগাঁও ষ্টেচনৰ মাজত নতুনকৈ স্থাপন কৰা দ্বৈত ৰে’ল (Double Track) পথৰ বিধিগত পৰিদৰ্শন সম্পূৰ্ণ কৰে। নতুনকৈ স্থাপন কৰা এই দ্বিতীয় ৰে’লপথটোৱে এই পথৰ মাজেৰে অধিক মালবাহী আৰু যাত্ৰীবাহী ৰে’ল পৰিবহন কৰাত সহায়ক হ’ব। ধুপধৰা-বামুনীগাঁও খণ্ডটো গোৱালপাৰা হৈ ১৭৬ কিলোমিটাৰ নিউ বঙাইগাঁও-কামাখ্যা দ্বৈত ৰেলপথ প্ৰকল্পৰ এটা অংশ।

নতুনকৈ পৰিদৰ্শন কৰা এই খণ্ডটোত ৮ খন বৃহৎ সেতু, ৮০ খন সৰু সেতু, ৪২ টা ক্ৰছিং বডী আৰু এবছল্যুট ব্লক চিগনেলিং ৱৰ্কিং চিষ্টেমৰ নিৰ্মাণ অন্তৰ্ভূক্ত আছে। চাৰিটা ৰে’ল ষ্টেচনত নতুন ষ্টেচন ভৱন নিৰ্মাণ কৰা হৈছে যিসমূহৰ ভিতৰত ধুপধৰা, শিংৰা, বকো আৰু বামুনীগাঁও। এই চাৰিটা ৰে’ল ষ্টেচনৰ প্ৰত্যেককে এখন নতুন প্লেটফৰ্মৰ সৈতে সংযোজিত কৰা হৈছে যাতে আগমন আৰু প্ৰস্থান কৰা ৰে’লসমূহ উন্নততৰৰূপে নিয়ন্ত্ৰিত কৰিব পৰা যায়। লগতে, এই মনোনীত খণ্ডটোত কৰ্মচাৰীসকলৰ উন্নত আৱাসৰ বাবে ৪২ টা নতুন ৰে’লৱে কোৱাৰ্টাৰ নিৰ্মাণ কৰা হৈছে। ধুপধৰাৰ পৰা বামুনীগাঁৱৰ মাজৰ প্ৰসাৰতা ২৫.৪৫৯ কিলোমিটাৰ।

সমস্ত সেতু, আৰ.ইউ.বি. আৰু চিগনেলিং প্ৰণালী পৰিদৰ্শনৰ জৰিয়তে খণ্ডটোৰ গতিবেগৰ পৰীক্ষণ ৰে’লৱে সুৰক্ষা আয়ুক্ত (চি.আৰ.এছ.)/এন.এফ. চাৰ্কোলৰ দ্বাৰা সম্পন্ন কৰা হয়। আধুনিক প্ৰযুক্তিসমূহ যেনে সমগ্ৰ ৱাইড বেছ প্ৰি ট্ৰেছড কংক্ৰিট শ্লীপাৰ (পিএছচি)ৰ শক্তিশালী ট্ৰেকৰ ষ্ট্ৰাকচাৰ আৰু থিক ৱেব চুইচ যিসমূহ নতুনকৈ ডিজাইন কৰা ষ্টৰ্ডিয়াৰ চুইচসমূহৰ প্ৰি ট্ৰেছড কংক্ৰিট শ্লীপাৰত আৰু এই ডাবল লাইন টেৰিটৰিৰ বাবে ৰেলৰ উচ্চ গতিবেগ নিয়ন্ত্ৰণ কৰিব পাৰি, তাৰ বাবে ব্যৱহাৰ কৰা হৈছে। উল্লেখ্য যে দ্বৈত ৰে’লপথৰ আন্তঃগাঁথনি স্থাপন কৰাৰ লগে লগে, উভয় দিশৰ ষ্টেচনত ষ্টপ-অভাৰ ক্ৰছিং অবিহনে ৰে’লৰ চলাচল (যাত্ৰী আৰু মালবাহী) কৰিব পৰা যায়, যি ৰে’লৰ সময়ানুৱৰ্তীতা বৃদ্ধি কৰিব। অধিক ৰে’ল বৰ্ধিত গতিবেগেৰে অধিক ৰে’ল চলাব পৰা যাব আৰু এনেদৰে নূন্যতম সময়সীমাৰ সৈতে উন্নত যোগাযোগ সক্ষম কৰিব পৰা যাব।

ইয়াৰ পূৰ্বে, ৩ মে, ২০২৩ তাৰিখে, মিৰ্জা-আজাৰাৰ মাজত ১১.৩৫ কিলোমিটাৰ আৰু ২৪ নৱেম্বৰ, ২০২২ তাৰিখে, দুধনৈৰ পৰা ধুপধৰাৰ মাজত ২৯.৭১ কিলোমিটাৰ খণ্ডৰ কমিছনিং কৰা হৈছিল। গোৱালপাৰা হৈ নিউ বঙাইগাঁও-কামাখ্যাৰ এই সমগ্ৰ খণ্ডটো সম্পূৰ্ণ হোৱাৰ পিছত, দেশৰ বাকী প্ৰান্তৰ সৈতে মানুহ আৰু সামগ্ৰী দুয়োটাৰে পৰিবহনৰ দিশত উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰে’ল সংযোগে এক গুৰুত্বপূৰ্ণ বিকাশ লাভ কৰিব। গোৱালপাৰাহৈ নিউ বঙাইগাঁও আৰু কামাখ্যাৰ মাজত এই দ্বৈত ৰে’লপথ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ লগে লগে মেঘালয়ৰ দূৰৱৰ্তী অঞ্চলসমূহেও যথেষ্ট লাভান্বিত হ’ব।