গুৱাহাটী, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : দিনে দিনে বৃদ্ধি পাই আছে পিয়াঁজৰ মূল্য । মহানগৰীত এতিয়া প্ৰতি কেজি পিয়াঁজৰ দাম ১০০ ৰ পৰা ১১০ টকা।

ইয়াৰ মাজতে চৰ্চাত আহিলে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অসমৰ ৰাইজক এইবাৰ ইজিপ্তৰ পৰা পিঁয়াজ আনি অসমবাসীক খোৱাব বুলি দিলে প্ৰতিশ্ৰুতি দিলে।

ইফালে মুম্বাইতো প্ৰতিকেজি পিয়াঁজৰ মূল্য হয়গৈ ১১০ ৰ পৰা ১২০ টকা ।

ইয়াৰোপৰি বিধানসভাৰ মজিয়াটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পিয়াঁজৰ মূল্য বৃদ্ধিক কেন্দ্ৰ কৰি। বিৰোধীৰ প্ৰশ্নতো থমকি ৰব লগা হয় ফণীভূষণ চৌধুৰী।