গোৱালপাৰা, ১৭ অক্টোবৰ, ২০১৩ : পুনৰ বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা (Wild Elephant)। প্রাতঃভ্রমণলৈ ওলাই যোৱা এগৰাকী মহিলা বনৰীয়া হাতীৰ আক্ৰমণত নিহত। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ। বন বিভাগক বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় ৰাইজৰ আহ্বান।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত সংঘটিত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। বিশেষকৈ গোৱালপাৰা জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়। কিছুদিন পুর্বে গোৱালপাৰা জিলাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল একেটা পৰিয়ালৰ তিনিজনকৈ লোক। পুনৰ গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা।

মঙলবাৰে পুৱাৰ ভাগত গোৱালপাৰা জিলাৰ ভালুকডুবিত সংঘটিত হৈছে এই কৰুণ ঘটনা।বনৰীয়া হাতীৰ আক্রমণত নিহত হৈছে মেহুবুবা আলম আহমেদ নামৰ এগৰাকী মহিলা। মহিলা গৰাকী প্রাতঃভ্রমণলৈ ওলাই যাওঁতে বনৰীয়া হাতীয়ে মহিলা গৰাকীক আক্রমণ কৰাত থিতাতে নিহত হয় মহিলা গৰাকী। মহিলাগৰাকীৰ গোৱালপাৰা চহৰৰ কল্পনা নগৰৰ বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। গোৱালপাৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ ইতিমধ্যে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে বহু লোকে।

কিছুদিন পূৰ্বে গোৱালপাৰাৰ লক্ষীপুৰৰ গৌৰনগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল একেটা পৰিয়ালৰ তিনিজনকৈ লোক। গোৱালপাৰাবাসী ৰাইজে বন বিভাগক বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাই আছে যদিও বন বিভাগ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হোৱাৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে গোৱালপাৰা জিলাৰ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল সমূহত বনাঞ্চল ধ্বংসৰ ভয়াবহ ফল ভুগিছে গোৱালপাৰাবাসী ৰাইজে। শেহতীয়াকৈ গোৱালপাৰাবাসী ৰাইজে জিলাখনত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰিবলৈ এক বিশাল প্ৰতিবাদী সমদল উলিয়াইছিল।

যোৱা দেওবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰা অঞ্চলটো বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হৈছিল। দেওবাৰে নিশাৰ ভাগত ৰঙাপৰা অঞ্চলৰ জামুনবিল গাঁৱত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই বহু লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছিল। নিশা শুই থকা অৱস্থাত বনাৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ৰীতামণি ইন্দুৱাৰ নামৰ এগৰাকী মহিলাই।