দিছপুৰ, নৱেম্বৰ ৭: ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ দিশত এক নতুন গতি প্ৰদান কৰি বর্তমানে উক্ত ভৱনটােৰ চোৱা-চিতাৰ দায়িত্বত থকা ইনটেকৰ সৈতে সম্বলপুৰ জিলাৰ উপায়ুক্তৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ ইনটেকৰ অধ্যক্ষ তথা বিশিষ্ট সাংবাদিক দীপক পাণ্ডাই মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীক জানিবলৈ দিয়া মতে এই বৈঠকতে ২২ নৱেম্বৰৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণৰ লগতে ইয়াক এক ঐতিহ্যৰ কেন্দ্ৰ হিচাপে গঢ়িতোলাৰ বিস্তৃত প্রকল্প প্রতিবেদনৰ কাম সম্পূর্ণ হ’ব। এই সম্পকীয় যাৱতীয় জোখ-মাখ সম্পূর্ণ কৰা হৈছে বুলিও ইনটেকৰ অধ্যক্ষ গৰাকীয়ে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা গৰাকীক জানিবলৈ দিয়ে।ইনটেকৰ অধ্যক্ষ তথা বিশিষ্ট সাংবাদিক দীপক পাণ্ডাই লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ওড়িশা ভ্ৰমণৰ বাবে ইয়াৰ স্থানীয় জনসাধাৰণে অধিক আগ্ৰহেৰে বাট চাই আছে বুলিও জানিবলৈ দিয়ে যাতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণ তথা পুনৰ নিৰ্মাণৰ কামৰ আধাৰশিলা দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ দ্বাৰা আনুষ্ঠানিকভাৱে কৰিব পৰা যায়। উল্লেখ্য যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নির্দেশ ক্রমে এই গৃহটাে সংৰক্ষণৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী নৱ কুমাৰ দলে আৰু মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়ক ৩১ অক্টোবৰত সাক্ষাৎ কৰি এক আলোচনাত মিলিত হৈছিল৷ উক্ত আলোচনাত ওড়িশাৰ মুখ্যমন্ত্রীয়ে ওড়িশা চৰকাৰৰ নিজৰ ব্যয়ত এই গৃহ সংৰক্ষণ কৰা হ’ব বুলি ৰাজ্য চৰকাৰক প্রতিশ্রুতি প্ৰদান কৰিছিল৷ আৰু ইয়াৰ বাবে প্ৰাৰম্ভিক ভাৱে ৫০ লাখ টকা ব্যয় কৰা হ’ব বুলি সাংস্কৃতিক বিভাগৰ মন্ব্ৰী আশোক কুমাৰ পাণ্ডাই ঘোষণা কৰিছিল। আজি সম্বলপুৰ জিলাৰ উপায়ুক্ত সমর্থ বাৰ্মাৰ সৈতে হােৱা বৈঠকে এই দিশত এক নতুন গতি প্রদান কৰিছে। ওড়িশা চৰকাৰে অসম চৰকাৰৰ প্ৰতিনিধিক দিয়া আশ্বাস কাৰ্যকৰীকৰণৰ বাবে ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছে।