যোৰাবাট, সংবাদ ৩৬৫, ১৯ নৱেম্বৰ : যোৰাবাটত একাংশ ব্যৱসায়ীৰ লগতে ট্ৰাকৰ চালকৰ টোপনি কাঢ়িছে চোৰে। সঘনাই সংঘটিত হৈ আছে যোৰাবাট অঞ্চলত চুৰি কাৰ্য ।

মঙলবাৰে পুৱা ৪.৩০ বজাত পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকৰ পৰা তিনিজনীয়া এটা চোৰৰ দলে বেটেৰী চুৰি কৰি থকা সময়তে হাতে-লোটে ধৰা পৰে এটা চোৰ । চোৰটোৰ লগত থকা বাকী দুজন পলাই যাবলৈ সক্ষম হয় ।

চোৰটোক স্থানীয় লোকে ধৰি বেয়াকৈ প্ৰহাৰ কৰে । উক্ত খবৰ পাই যোৰাবাট আৰক্ষীৰ এটা দল ঘটনাস্হলীত উপস্হিত হৈ চোৰটোক উদ্ধাৰ কৰি যোৰাবাট আৰক্ষী চকীলৈ লৈ যায়।

উল্লেখযোগ্য যে চোৰটোৰ নাম মদন বাহাদুৰ দৰ্জী ( ২৫ )। জানিব পৰা অনুসৰি চোৰটো এটা ড্ৰাগছ আসক্ত যুৱক।