পোন্ধৰখন আসনতেই কংগ্ৰেছ সমর্থিত প্ৰাৰ্থীৰ জয়লাভ

শিৱসাগৰ, ১৬ জুনঃ  বিগত তিনিটা বছৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে কেইবাটাও সৰু-বৰ নিৰ্বাচনত কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি দলটােৰ ওচৰত পৰাজয়বৰণ কৰি অহা কংগ্ৰেছ দলটােৰ এইবাৰ সমবায় নিৰ্বাচনত জয়ী হৈছে৷ যদিও নিবাঁচন সৰু তথাপিও দলটােৰ সমর্থিত ১৫ গৰাকী প্রার্থীয়ে এইবাৰ শিৱসাগৰ জিলাৰ অধীনস্থ পূৱ কোঁৱৰপুৰ সমবায় সমিতিৰ নিবাচনত বিজেপিৰ সমর্থিত আটাইকেইগৰাকী প্রার্থীক পৰাজিত কৰি আগন্তুক সময়ৰ বাবে সমবায়খন নিজৰ দখললৈ নিবলৈ সমর্থন হয়। উল্লেখ্য যে যোৱা ১৫ জুনত ১৫ গৰাকী সঞ্চালক মণ্ডলিৰে গঠিত পূৱ কোঁৱৰপুৰ সমবায় সমিতিৰখনৰ বাবে নিবাচিত অনুষ্ঠিত হৈছিল। শাসনাধিষ্ঠ বিজেপি দলটােৰ সমর্থিত ১৩ গৰাকী আৰু কংগ্ৰেছ দলটােৰ সমর্থিত ১৫ গৰাকী প্রার্থীয়ে সঞ্চালক পদটােৰ বাবে ৰাজ্যিক সমবায় পঞ্জীয়কৰ কাৰ্যলয়ৰ তৰফৰ পৰা আগন্তুক পাঁচ বছৰৰ বাবে অনুষ্ঠিত কৰা নিবাচনত প্রতিদ্বন্দিতা আগবঢ়াইছিল। কিন্তু বহু চৰ্চিত এই সমবায় নিবাচনত বিজেপিৰ সমর্থিত আটাইকেইগৰাকী প্রার্থীক পৰাজিত কৰি কংগ্ৰেছ সমর্থিত প্রার্থী সকলে এই নিবাচনত জয়ী হৈ সমবায়খন নিজৰ দখললৈ নিবলৈ সক্ষম হয়। ফলাফল অনুযায়ী কংগ্ৰেছ সমর্থিত প্রার্থী আনন্দ ৰাজখোৱা ৭৭৭ টা, প্রমোদ ৰাজখোৱা ৭৩২, গুনিন দত্ত ৭১২, ফাইজুদিন ৭০০, বুদ্ধিৰাম মিলি ৬৯০, মানিক আলি ৬৮৯, বেদকান্ত দাস ৬৮৮, নিপুন। মিলি ৬৮৬, ভৱকান্ত গগৈ ৬৭২, জিতু টায়ে ৬৬৯, প্রবীন দুৱৰা ৬,৬৮, ব্ৰজেন চুতীয়া ৬৬৫, অনু গগৈ ৭:৫৬, পুষ্পাঞ্জলী পাংগিং ৭১১ আনহাতে বীনা প্রতিদ্বন্দ্বিতাৰে জয়ী হ’ল অমৃত দাস। উল্লেখ্য যে এই নিৰ্বাচনত জয়ী হ’বৰ বাবে বিজেপিৰ সমর্থিত প্রার্থীসকলে মাৰাথন প্ৰচাৰ চলাইছিল যদিও কোনো এগৰাকী প্রার্থীয়েই কংগ্ৰেছ দলটােৰ সমর্থিত প্রার্থী সকলৰ সমুখত তিষ্ঠি থাকিব নােৱাৰিল। কংগ্রেছ প্রার্থীসকলে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থকাৰ পাছতো সমবায় নিৰ্বাচনত বিজেপিৰ সমর্থিত প্রার্থীসকলক পৰাজিত কৰাত উৎফুল্লিত হৈ পৰিছে শিৱসাগৰৰ কংগ্ৰেছ শিবিৰ।ঠায়ে ঠায়ে ফটকা ফুটাই কংগ্ৰেছ কমীসকলে আনন্দ প্রকাশ কৰিছে। ইফালে আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা প্রাক্তন বিধানসভাৰ অধ্যক্ষ প্ৰনৱ কুমাৰ গগৈয়ে আজি তেওঁৰ বাসগৃহত বিজয়ী কেউগৰাকী প্রার্থীক একোখনকৈ ফুলাম গামোছাৰে সম্বর্ধনা জ্ঞাপন কৰে।