গোৰেশ্বৰ, ১০ মে’ : উৎকোচ লৈ পুনৰ এজন চৰকাৰী বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল চৰকাৰী।বিষয়াজন। উৎকোচ লৈ এইবাৰ হাত দাঙিলে শুক্লাই চেৰফাং গোৰেশ্বৰ সংমণ্ডল জলসিঞ্চন বিভাগৰ অভিযন্ত্ৰা মৃদুল দুৱৰীয়ে। ঠিকাদাৰৰ পৰা দাবী কৰিছিল উৎকোচ। ঠিকাদাৰজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযানত (Anti Corruption Drive) ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে জালত। ইয়াৰ পিছতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীয়ে এৰা নাই দুৰ্নীতিৰে ধন ঘটাৰ সহজ পথ। ধনৰ লোভ চম্ভালিব নোৱাৰি দুৰ্নীতিৰে ধন ঘটিবলৈ গৈ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া। ২০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল শুক্লাই চেৰফাং গোৰেশ্বৰ সংমণ্ডল জলসিঞ্চন বিভাগৰ অভিযন্ত্ৰা।

শুক্লাই চেৰফাং গোৰেশ্বৰ সংমণ্ডল জলসিঞ্চন বিভাগৰ অভিযন্ত্ৰা মৃদুল দুৱৰীয়ে এজন
ঠিকাদাৰৰ পৰা দাবী কৰিছিল ২৫ হাজাৰ টকা। ইয়াৰ পিছতে ঠিকাদাৰজনে উৎকোচ বিচৰা চৰকাৰী বিষয়াজনৰ অভিযোগলৈ কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। ঠিকাদাৰজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই চৰকাৰী বিষয়াজনক ধৰিবলৈ জাল পেলায়। বুধবাৰে (১০ মে’) দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিগ্ৰস্ত অভিযন্ত্ৰাজনক হাতে-লোটে ধৰিবলৈ সক্ষম হয়।

অভিযন্ত্ৰাজনক উৎকোচ হিচাপে দাবী কৰা ২৫ হাজাৰ টকাৰ ২০ হাজাৰ টকা ঠিকাদাৰজনৰ এজন বন্ধুৱে দিয়াৰ লগে লগে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে হাতে-লোটে আটক কৰে অভিযন্ত্ৰা মৃদুল দুৱৰীক। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে মৃদুল দুৱাৰীৰ কবলৰ পৰা উৎকোচৰ ২০ হাজাৰ টকাৰ লগতে অতিৰিক্ত ১০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে লগে লগে গ্ৰেপ্তাৰ কৰে শুক্লাই চেৰফাং গোৰেশ্বৰ সংমণ্ডল জলসিঞ্চন বিভাগৰ অভিযন্ত্ৰা মৃদুল দুৱৰীক।

এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৩৩/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি বহুকেইজন লাট মণ্ডল আৰু কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।