নলবাৰী, নৱেম্বৰ ৯:  অসম লোকসেৱা আয়োগৰ বৃহৎ কেলেংকাৰীয়ে বৰ্তমান সমগ্ৰ ৰাজ্যত তোল পাৰ লগাইছে। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষিসেন ডেকা এই কেলেংকাৰীত অভিযুক্ত৷ শাসনত থাকোতে আঢ়ৈ টকাত এসাজ ভাত খাব দিছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই৷ কিন্তু এইবাৰ তেওঁৰ নিজ পুত্ৰই ৰঙা ঘৰত আঢ়ৈ টকাত ভাত খাবলৈ সাজু হ’বৰ হ’ল৷ শেহতীয়াকৈ নীলমণিৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই এচিএছ পৰীক্ষাত কেলেংকাৰীৰে পাছ কৰি ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল। এতিয়া ৰাজ্যৰ পৰিৱৰ্তনমুখি বিজেপি নেতৃত্বাধীন চৰকাৰৰ তদন্তত এচিএছ কেলেংকাৰীত অভিযুক্ত হয় ৰাজৰ্ষিসেন। এনে ক্ষেত্ৰত বহুবল্কী প্ৰাক্তন মন্ত্ৰীগৰাকীৰ পুত্ৰজনে পুনৰ সমগ্ৰ নলবাৰীৰ লগতে ধৰ্মপুৰ সমষ্টিৰ সন্মান লাঘৱ কৰিলে৷ সম্প্ৰতি নলবাৰীৰ সচেতন ৰাইজে নীলমণি সেন ডেকাৰ পুত্ৰক শীঘ্ৰেই  গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰৰক আহ্বান জনাইছে৷