নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ : চন্দ্ৰযান ২ ৰ পিছতে ইছৰ’ৰ আন এক অভিযান। ২৭ নৱেম্বৰ পুৱা ৯. ২৮ বজাত ইছৰ’ই শ্ৰীহৰিকটোৰ পৰা পিএছএলভি-চি৪৭ ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰে কাৰ্টোচেট-৩ আৰু আমেৰিকাৰ ১৩টা বানিজ্যিক নেন’ উপগ্ৰহ।

কাৰ্টোছেট-৩ এক কাৰ্টোগ্ৰাফি বা মানচিত্ৰ নিৰ্মাণকাৰী উপগ্ৰহ।যাৰ আছে হাই ৰিজ’লশ্বেজনৰ ক্ষমতা। কাৰ্টোছেট-৩ এক কাৰ্টোগ্ৰাফি বা মানচিত্ৰ নিৰ্মাণকাৰী উপগ্ৰহ। উগ্ৰপন্থীৰ কূটাঘাতৰ পৰা ৰক্ষা কৰিবলৈ সেনাক সহায় কৰিব এই কাৰ্টোছেট- ৩ য়ে। ভাৰতৰ কোনো কোণত উগ্ৰপন্থীয়ে প্ৰৱেশ কৰিলে লাইভ দৃশ্য ৰেকৰ্ড কৰিব কাৰ্টোছেট-৩য়ে।

১২ টা বাণিজ্যিক নেন’ উপগ্ৰহক নাম দিয়া হৈছে ফ্লৰ্ক-৪পি আৰু বাকী এটা উপগ্ৰহৰ নাম হৈছে মেছবেড। এই উপগ্ৰহকেইটা কক্ষপথত সংস্থাপন কৰিবলৈ ইছৰ’ক প্ৰয়োজন মাত্ৰ ২৭ মিনিটৰ।

ইফালে ইছৰ’ৰ এই অভিযানক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ” ইছৰ’ই পুনৰ এবাৰ লাভ কৰা সফলতাৰ বাবে মই সকলোকে অভিনন্দন জনাইছো। অত্যাধুনিক কাৰ্টোচেট-৩ৰ হাই ৰিজউলেশ্যন আলোকচিত্ৰ তোলাৰ ক্ষমতাই আমাক যথেষ্ট সহায় কৰিব।’‘ অভিনন্দন জনাই এনেদৰে কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে।