গুৱাহাটী, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : পিতৃৰ হাতত যৌন নিৰ্যাতনৰ বলি হ’ল নিজ কন্যা। এই লজ্জাজনক আৰু ঘৃণনীয় বলাৎকাৰ ঘটনা সংঘটিত হ’ল গুৱাহাটী মহানগৰীৰ ঘোঁৰামৰা নিৰিবিলি পথত।

এটা ভাড়াঘৰত পত্নী নথকাৰ সুযোগ গ্ৰহণ কৰি নিজ কন্যাৰ লগতে এনে ঘৃণনীয় ঘটনা সংঘটিত কৰে ।

৬৯ বছৰীয়া ধৃত ব্যক্তিজন লখিমপুৰৰ ছফিয়াৰ আলি । ছফিয়াৰ আলিৰ আছে দুগৰাকীকৈ পত্নী।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পত্নীয়ে বশিষ্ঠ থানাত গোচৰ ৰুজু কৰিছে ।