নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : ধৰ্ষিতা হোৱা যুৱতীকে পুনৰ কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ । নিৰ্যাতিতা যুৱতীগৰাকী আদালতলৈ যোৱাৰ পথতে হত্যাৰ চেষ্টা কৰে অভিযুক্তই ।

উক্ত ঘটনাটো উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত । প্ৰাপ্ত খবৰ অনুসৰি ধৰ্ষণৰ গোচৰৰ শুনানি চলি আছিল ৰায়বৰেলীৰ এখন আদালতত আৰু আদালতলৈ গৈ থকাৰ পথতে ধৰ্ষণ কাণ্ডৰ অভিযুক্তই গাত তেল ঢালি নিৰ্যাতিতাক জ্বলাই হত্যাৰ চেষ্টা কৰে ।

অগ্নিদগ্ধ হৈ ইতিমধ্যে যুৱতীগৰাকী লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিৰ ট্ৰামা চেন্টাৰত ভৰ্তি হৈ আছে।

এই ঘটনাৰ সৈতে ৫ অভিযুক্ত জড়িত আছে বুলি যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে ইতিমধ্যে ৩ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে আৰু বাকী দুই অভিযুক্ত পলাতক অৱস্থাত আছে।