গুৱাহাটী, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ছেবাই ইতিমধ্যে পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে ।

সেই অনুসৰি ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা ৷
১১ ফেব্ৰুৱাৰীত মিউজিক, ডান্স।
১৩ ফেব্ৰুৱাৰীত ঐচ্ছিক বিষয়সমূহৰ পৰীক্ষা ।
১৪ ফেব্ৰুৱাৰীত হিন্দী (ঐ) বিষয়ৰ পৰীক্ষা ৷
১৫ ফেব্ৰুৱাৰীত অসমীয়া (ঐ), ১৭ ফেব্ৰুৱাৰীত সমাজ বিজ্ঞান ৷
২২ ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান, ২৫ ফেব্ৰুৱাৰীত গণিত ৷
২৮ ফেব্ৰুৱাৰীত এম আই এলৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৷
২৯ ফেব্ৰুৱাৰীত অন্ত পৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷

ইফালে এইবাৰ কেতবোৰ নতুনত্বৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হব। পূৰ্বতকৈ পৰীক্ষাৰ্থীৰ সংখ্যাও বৃদ্ধি পাইছে ছেবাত ।

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৮৬০টা পৰীক্ষাকেন্দ্ৰত আৰু পৰীক্ষাৰ্থী থাকিব ৩৫২,১৩২ গৰাকী । পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হৈছে ৬,২৭৬ গৰাকী।

পৰীক্ষাৰ্থীৰ সন্মুখতে এইবাৰ নিৰীক্ষকে খুলিব লাগিব পৰীক্ষাৰ প্রশ্ন কাকত। পূৰ্বৰ ১৬ পৃষ্ঠাৰ পৰিবৰ্তে উত্তৰবহী হব ২৪ পৃষ্ঠাৰ । উচ্চ গণিত বিষয়ত থাকিব গ্ৰাফ পেপাৰ । আগন্তুক পৰীক্ষাত প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব টুৰিজিম এণ্ড হস্পিটেলিটি বিষয়ত পৰীক্ষাৰ্থী।