গুৱাহাটী, ৪ অক্টোবৰঃ সংখ্যালঘু মুছলমানৰ নাম লৈ ব্যক্তিগত স্বার্থ পূৰণৰ বাবে ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে বিজেপি ৰাজ্যিক সংখ্যালঘু মৰ্চাই৷ বিজেপি ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মতিউৰ ৰহমানে এক প্রেছ বিবৃতিত কয় যে অসমত ভাৰতীয় জনতা পাটিৰ চৰকাৰ অহাৰ পাছত সংখ্যালঘু মুছলমান লোকসকল যথেষ্টখিনি উপকৃত হৈছে। সংখ্যালঘু উন্নয়ণ দপ্তৰ মন্ত্ৰীত্ব মুখ্যমন্ত্রীয়ে নিজৰ হাতত ৰাখি যথেষ্ট গুৰুত্ব প্রদান কৰিছে। মুখ্যমন্ত্রীয়ে নিজ সমষ্টি মাজুলীত উন্নয়ণৰ বাবে যি পৰিমানৰ ধনৰাশি ব্যয় কৰিছে, একে পৰিমানৰ ধনৰাশি বিজেপি দখলত নথকা জনীয়া, ৰূপহী, বাঘবৰ, জলেশ্বৰ, ছয়গাওঁ আদি সমষ্টিটো আৱন্তন দিছে। এই কথাত স্পষ্ট হৈছে যে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন সর্বানন্দ সোণোৱাল চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত ভেদাভেদ ৰখা নাই। উন্নয়নৰ এই ধাৰা অৱ্যাহত থাকিলে অহা পাঁচ বছৰত ৰাজ্যখনত সংখ্যালঘু আধুষিত অঞ্চলত উন্নয়নৰ নতুন দিগন্ত সূচনা হ’ব তাত কোনো সন্দেহ নাই। ভাৰতীয় জনতা পাটিৰ চৰকাৰ অহাৰ পাছত পোন প্রথমবাৰৰ বাবে সংখ্যালঘু মুছলমান মহিলাৰ বাবে সংখ্যালঘু আধুষিত অঞ্চলত ৮ খনকৈ মহিলা মহাবিদ্যালয় স্থাপন কৰিবলৈ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আঁচনি হাতত লৈছে, লগতে মাদ্ৰাছা বৰ্ডখন বিলুপ্তিকৰণ কৰি শিক্ষাৰ মূলসুঁতিৰ লগত সংলগ্ন কৰি গ্ৰহণ কৰা পদক্ষেপক বিজেপি ৰাজ্যিক সংখ্যালঘু মৰ্চাই শলাগ লৈছে। মাদ্ৰাছ শিক্ষা বর্ডৰ নামত বিগত কংগ্ৰেছ চৰকাৰৰ দিনত এছপিঅ’ইউএম, নিযুক্তি, প্রাদেশিকীকৰণ কৰাৰ নামত বিয়াগোম কেলেংকাৰী হৈছিল। কংগ্ৰেছৰ সংখ্যালঘু কেইজনমান ৰাজনৈতিক নেতাই মাদ্ৰাছা বৰ্ডক ৰাজনৈতিক মুনাফাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিছিল। বৰ্তমান মুখ্যমন্ত্রীক বিজেপি ৰাজ্যিক সংখ্যালঘু মৰ্চাই বিগত দিনত মাদ্ৰাছা বর্ডত হােৱা বিয়াগোম কেলেংকাৰীৰ ন্যায়িক তদন্তৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে। লগতে আমচাৰ দৰে ন্যস্ত স্বার্থ জড়িত সংগঠনে ৰাজ্য চৰকাৰক সংখ্যালঘু মুছলমানক ধ্বংস কৰাৰ বুপ্রিন্ট ৰচনা কৰিছে বুলি কৰা অপপ্ৰচাৰক বিজেপি ৰাজ্যিক সংখ্যালঘু মৰ্চাই সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্রণােদিত আৰু অসত্যৰ ওপৰত প্রতিষ্ঠিত বুলি মন্তব্য কৰে৷