হাটশিঙিমাৰী : আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সম্মুখত চোৰৰ চাফাই অভিযান। আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সম্মুখত থকা এখন মটৰ চাইকেলৰ পাৰ্টছৰ দোকানত চোৰে চলালে চাফাই অভিযান। মটৰ চাইকেলৰ পাৰ্টছৰ দোকানৰ পৰা চোৰে লুটি নিলে তিনি লক্ষাধিক টকাৰ সামগ্ৰী।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সম্মুখত থকা অমিজুৰ ইছলাম নামৰ এজন ব্যৱসায়ীৰ মটৰ চাইকেলৰ পাৰ্টছৰ দোকানৰ পৰা নিশা চোৰে লুটি নিয়ে প্ৰায় তিনি লক্ষাধিক টকাৰ সামগ্ৰী। মটৰ চাইকেলৰ পাৰ্টছৰ দোকানখনৰ পিছফালৰ টিনপাতৰ বেৰ কাটি চোৰে দোকানখনত প্ৰৱেশ কৰি চাফাই অভিযান চলায়।

অমিজুৰ ইছলাম শনিবাৰে সন্ধিয়া নিজৰ দোকানখন বন্ধ কৰি ঘৰত যোৱাৰ পিছত নিশা দোকানখনৰ পিছফালৰ বেৰৰ টিনপাত কাটি চোৰে দোকানখনত ভিতৰত প্ৰৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰে। দোকানখনৰ পৰা চোৰে প্ৰায় তিনি লক্ষাধিক টকাৰ মটৰ চাইকেলৰ পাৰ্টছ চুৰি কৰি নিয়ে।

উল্লেখ্য যে দোকানখনৰ সম্মুখত আৰক্ষী অধীক্ষকৰ ভাসভৱন হোৱাৰ লগতে প্ৰায় ৫০ মিটাৰ নিলগত আছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু খাৰুৱাবান্ধা আৰক্ষী চকী আছে। কটকটীয়া নিৰাপত্তা থকা এই অঞ্চলটোত চোৰে কেনেকৈ দোকানখন লুটিবলৈ সাহস পালে ইয়াকে লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।