আমিনগাঁও : ‘‘উপযুক্ত ব্যক্তিয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰিলে ভৱিষ্যতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব৷ গতিকে নিৰ্বাচনী কাঠামোৰ আধাৰত তথ্য সংগ্ৰহেৰে জিলাখনৰ সকলো উপযুক্ত লোককে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰক আৰু ছেপ্টেম্বৰ মাহতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক৷’’ কামৰূপ জিলাত ক’ভিড প্ৰতিষেধক প্ৰদানৰ স্থিতি সম্পৰ্কত বুজ লোৱাৰ অৰ্থে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত অংশ লৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এইদৰে কয়৷

সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, জিলা স্বাস্থ্য খণ্ডৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়াকে সমগ্ৰ জিলাৰ প্ৰশাসনিক বিষয়াবৰ্গ আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগত ক’ভিড প্ৰতিষেধক প্ৰদান সম্পৰ্কে বুজ লৈ এই কাৰ্য আৰু অধিক ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে এক নতুন নিৰ্দেশনা জাৰি কৰে৷ কামৰূপ জিলাৰ উপযুক্ত এশ শতাংশ লোককেই প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰিবলৈ এই অভিযান নিৰ্বাচনী কাঠামোৰ আধাৰত গ্ৰহণ কৰিবলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিৰ্দেশ দিয়ে৷

মন্ত্রীগৰাকীয়ে কয় যে প্ৰতিষেধক প্ৰদান কাৰ্য ভোটকেন্দ্ৰ পৰ্যায়লৈ আনকি প্ৰয়োজনত ঘৰে ঘৰে দিয়াৰো ব্যৱস্থা কৰিব লাগিব৷ ইয়াৰ বাবে তথ্য সংগ্ৰহ কৰি সঠিক তালিকা প্ৰস্তুত কৰিবলৈ বি এল অ’, গাঁওবুঢ়া আৰু আশাকৰ্মীসকলক বিশেষভাৱে নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰীগৰাকীয়ে এই অভিযান আৰম্ভ কৰিবলৈ তৎকালীনভাৱে সকলোকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে সকলো দৰকাৰী তথ্য সংগ্ৰহৰ বাবে এখন প্ৰপত্ৰ প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে৷

এনেদৰে সংগ্ৰহ কৰা তথ্যৰ আধাৰত পুনৰ এক অভিযান আকাৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ বাবে প্ৰতিষেধকৰ কোনো নাটনি নহয় বুলি উল্লেখ কৰি এই ব্যৱস্থা সম্পূৰ্ণ হোৱালৈকে বৰ্তমানৰ পদ্ধতিত প্ৰতিষেধক প্ৰদান কাৰ্য চলাই থাকিবলৈ তেওঁ আহ্বান জনায়৷ এই অভিযানত ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰতো উপযুক্ত ব্যৱস্থা ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ আনহাতে জনসাধাৰণৰ সুবিধাৰ্থে জিলাখনত চৌব্বিশ ঘণ্টীয়া প্ৰতিষেধক প্ৰদান ব্যৱস্থা উপলব্ধ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে৷

তদুপৰি বিদ্যালয়-মহাবিদ্যালয় খুলিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিষ্ঠানসমূহত থকা প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ উপযুক্ত স্থান নিৰ্দ্ধাৰণৰ ক্ষেত্ৰতো তৎকালীন ব্যৱস্থা ল’ব লাগিব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উনু্‌কিয়াই দিয়ে৷ সভাত অংশ লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ এছ লক্ষ্মণনে এই অভিযানৰ বাবে কমেও ২০০ ৰ পৰা ২৩০ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ সক্ৰিয় কৰি ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়৷

ইয়াৰ বাবে প্ৰয়োজনত এটা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ কৰ্মচাৰীসকলক আন কেন্দ্ৰলৈ পঠিওৱাৰো ব্যৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ পৰ্যালোচনাৰ অন্তত যোৱা আগষ্ট মাহৰ প্ৰতিষেধক প্ৰদানৰ পৰিসংখ্যা ৩.৫ লাখতকৈ অধিক কৰিবলৈ সক্ষম হোৱাত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে আৰু এই প্ৰক্ৰিয়াৰ লগত জড়িতসকলক চৰকাৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰে৷ সভাত স্বাস্থ্য বিভাগৰ সঞ্চালক মুনীন্দ্ৰ নাথ নাটে, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু প্ৰশাসনিক বিষয়া পমি বৰুৱাও উপস্থিত থাকে৷