হোজাই : হোজাইৰ নাও দুর্ঘটনাত সন্ধানহীন হোৱা তিনি শিশুৰ মৃতদেহ উদ্ধাৰ। এতিয়াও সন্ধানহীন এটি শিশুৰ মৃতদেহ। এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান অব্যাহত। যোৱা ১৭ জুনত বাঢ়নী পানীয়ে উটুৱাই নিছিল এখন যাত্ৰীবাহী নাও।

অৱশেষত চাৰিদিন ধৰি অভিযান চলাই হোজাইৰ নাও দুর্ঘটনাত সন্ধানহীন হোৱা তিনি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যোৱা ১৭ জুনৰ নিশা সংঘটিত নাওঁ দুৰ্ঘটনাত সন্ধানহীন হৈছিল চাৰিটিকৈ শিশু। প্ৰথমে হোজাইৰ যোগিজান ৰাজবাৰীত উদ্ধাৰ হয় ৮ বছৰীয়া মহিৰা বেগমৰ মৃতদেহ।

দুপৰীয়াৰ ভাগত পূব নভঙাত উদ্ধাৰ হয় ৬ বছৰীয়া জেনিফা বেগমৰ মৃতদেহ আৰু ইয়াৰ পিছতে ১০ বছৰীয়া আমিৰুল ইছলাম নামৰ শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। উল্লেখ্য যে, ১৭ জুনৰ নিশা কপিলীৰ পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাত ৰাইকাটা কছাৰী গাঁওৰ থাউচ্ছেন ইটা ভাটাৰ সমীপত এখন নাও দুর্ঘটনাগ্ৰস্থ হৈছিল।

হোজাইৰ ৰাইকাটা ইছলামপুৰৰ পৰা পৰিয়ালৰ লোকসহ নিৰাপদ ঠাইলৈ আহি থকা অৱস্থাত ৰাইকাটা কছাৰী গাঁওৰ থাউচ্ছেন ইটা ভাটাৰ সমীপত নাওখন দুর্ঘটনাগ্ৰস্থ হৈ চাৰিটিকৈ শিশু সন্ধানহীন হৈছিল। নাওখনত শিশুসহ মুঠ ২৮ জন যাত্ৰী আছিল যদিও ২৪ জনক এছ ডি আৰ এফৰ দলে উদ্ধাৰ কৰিছিল।

এই নাও দুৰ্ঘটনাত মহিৰা বেগম, জেনিফা বেগম, আমিৰুল ইছলাম আৰু প্ৰায় এবছৰীয়া শিশু চেহনাজ বেগম সন্ধানহীন হৈছিল। এছ ডি আৰ এফৰ দলে সন্ধানহীন শিশুক বিচাৰি অভিযান অব্যাহত ৰাখিছে। ইফালে হোজাই আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহ তিনিটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণৰ কৰিছে।