শিৱসাগৰ, সংবাদ ৩৬৫, ১৩ নৱেম্বৰ : মঙলবাৰে পুৱতি নিশা শিৱসাগৰৰ চৰগুৱাত বিদ্যুতস্পৃষ্ট হৈ দুটাকৈ বন্যহস্তীৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত ওলাই অহা হাতী দুটা পুৱা ধাননি পথাৰত উদ্ধাৰ কৰে স্থানীয় ৰাইজে।

উল্লেখ কৰিব পাৰি যে বিগত কিছুদিন ধৰি উক্ত অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল হাতীৰ এটা জাকে। খাদ্যৰ বাবে ধাননি পথাৰত প্ৰায়ে হাতীৰ জাকটোৱে ধান খাবলৈ আহে । যাৰ বাবে অজ্ঞাত লোকে ধাননি পথাৰত বিদ্যুৎ সংযোগী তাঁৰ লগাই থৈছিল।

সম্প্ৰতি ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় আৰু মৃত হাতী দুটা উদ্ধাৰ কৰে।