লামডিং, নৱেম্বৰ ১১: লামডিঙত ৰাষ্ট্ৰীয় ঘাইপথত সৰবৰাহ চলিছে চোৰাং গৰুৰ৷ আৰক্ষীৰ তালাচী গ্ৰেটৰ পৰা ১০০ মিটাৰ দূৰত্বত গৰু সহ স্থানীয় যুৱকে জব্দ কৰে AS 02 AC 1541 নম্বৰৰ এখন গাড়ী৷ সপ্তাহত তিনিবাৰকৈ লামডিঙৰ পৰা লংকাৰ উদালিলৈ আৰু তাৰ পৰা চোৰাংভাৱে গৰুৰ চোৰাং বেহা চলাই আহিছে৷ অভিযোগ অনুসৰি, মালিক আলিয়ে এটা এটা গৰু লংকাত ৪৫ হাজাৰতকৈ বিক্ৰী কৰি আহিছে৷ স্থানীয়ে যুৱকৰ ভাষ্য মতে, এনেদৰেই লামডিঙকে ধৰি অন্য স্থানৰ পৰাও গৰু সৰবৰাহ কৰি বাংলাদেশলৈ চালান কৰি আহিছে৷