নিউজ ডেস্ক, ৩০ এপ্ৰিল : এক নৃশংস আৰু ভয়াবহ হত্যাকাণ্ড (horrific incident happened)। নাবালিকা পত্নীক হত্যা কৰি দুটুকুৰে কৰিলে স্বামীয়ে। আৰক্ষীয়ে হাবিৰ পৰা দুটা মোনাত উদ্ধাৰ কৰিলে মৃতদেহ। যোৱা ২৭ এপ্ৰিলৰ নিশা স্বামীয়ে হত্যা কৰি দুটুকুৰা কৰিছিল নাবালিকা পত্নীৰ মৃতদেহ। এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি স্বামী পলায়ন কৰিছিল যদিও আৰক্ষীয়ে আটক কৰি গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামীক।

এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাত। স্বামীয়ে নাবালিকা পত্নীক হত্যা কৰি মৃতদেহ দুটুকাৰা কৰি হাবিত পেলাই দিয়ে (Minor Wife killed)। পূব আগৰতলা আৰক্ষী থানাৰ অন্তৰ্গত মুছলিমপাৰা অঞ্চলত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। জানিব পৰা মতে কায়েৰ মিঞা নামৰ এজন ২৫ বছৰীয়া যুৱকে ১৫ বছৰীয়া পত্নী তনুজা বেগমক অতি নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটুকাৰাকৈ কাটি হাবিত পেলাই দিয়ে।

শুকুৰবাৰৰ পৰা তনুজা বেগম স্বামী গৃহৰ পৰা সন্ধানহীন হৈ আছিল। ওচৰ চুবুৰীয়াই তনুজা বেগম সন্ধানহীন হৈ থকাৰ খবৰ তনুজা বেমগৰ মাতৃক দিয়াত তনুজা বেমগৰ মাতৃ আৰু আত্মীয়
কায়েৰ মিঞাৰ ঘৰলৈ আহি ঘৰৰ ভিতৰত তেজৰ দাগ প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে পলাতক কায়েৰ মিঞাক বিচাৰি অভিযান চলাই বাটলা অঞ্চলৰ পৰা কায়েৰ মিঞাক আটক কৰি জেৰা চলায়।

আৰক্ষীৰ জেৰাত কায়েৰ মিঞাই পত্নী তনুজা বেগমক হত্যা কৰাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কায়েৰ মিঞাই নাবালিকা পত্নী তনুজা বগেমক বৃহস্পতিবাৰে (২৭ এপ্ৰিল) নিশা হত্যা কৰি মৃতদেহ দুটুকুৰা কৰি হাবিত পেলাই দিয়া বুলি স্বীকাৰ কৰে। আৰক্ষীয়ে হাবিৰ মাজৰ পৰা দুটা মোনাত তনুজা বেগমৰ মৃতদেহ উদ্ধাৰ কৰে। তনুজা বেগমৰ মূৰ এটা সৰু মোনাত আৰু শৰীৰ আন এটা ডাঙৰ মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।

এই নৃশংস হত্যাকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে অধিক তথ্যৰ বাবে কায়েৰ মিঞাক জেৰা চলাই আছে। তনুজা বেগমৰ হত্যাকাণ্ডৰ লগত আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ তদন্তৰ পিছতে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ লগত আন কোনো লোকে জড়িত আছে নে নাই পোহৰলৈ আহিব। এই নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ ত্ৰিপুৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।