গহপুৰ, ১ মে’ : ৰাজ্য পুনৰ সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা (Child marriage incident)। বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ দুই ভাতৃ। এগৰাকী ১৬ বছৰীয়া কিশোৰী পলুৱাই নিছিল এজন যুৱকে। কিশোৰী গৰাকীক পলুৱাই নিয়া যুৱকজনক সহায় কৰিছিল যুৱকজনক ভাতৃয়ে। কিশোৰী গৰাকীক পৰিয়ালৰ লোকে কাষ চাপিছিল আৰক্ষীৰ।

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ পিছতো ৰাজ্যত সংঘটিত হৈ আছে বাল্য বিবাহৰ ঘটনা। পুনৰ বাল্য বিবাহৰ লগত জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাল্য বিবাহৰ ঘটনা লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱক দুজন সম্পৰ্কীয় ভাতৃ (Two brother arrested for child marriage)। এই বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে গহপুৰত। গহপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ভাতৃক।

গহপুৰৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালীৰ জয়ন্ত দাস আৰু ৰঞ্জিত দাস নামৰ দুজন যুৱকক আৰক্ষীয়ে বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে ৰাংছালীৰ জয়ন্ত দাস নামৰ যুৱকজনে গহপুৰৰ মাগনী কছাৰীৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়াৰ (16 years girl) প্ৰলোভনেৰে যোৱা ২৭ এপ্ৰিলত পলুৱাই নিছিল। জয়ন্ত দাসে কিশোৰী গৰাকীক পলুৱাই নি উপস্থিত হৈছিল জখলাবন্ধাত।

জখলাবন্ধাৰ এখন হোটেলত কাম কৰা জয়ন্ত দাসৰ বৰদেউতাকৰ পুত্ৰ ৰঞ্জিত দাসে দুয়োকে নিজৰ ভাড়াঘৰত আশ্ৰয় দিছিল। ৰঞ্জিত দাসৰ ভাড়াঘৰতে জয়ন্ত দাসে কিশোৰী গৰাকীৰ শিৰত সেন্দুৰ দি নিশা যাপন কৰিছিল। ইফালে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোক কাষ চাপিছিল আৰক্ষীৰ। কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগত গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তৎপৰতাৰে অভিযান আৰম্ভ কৰে।

অৱশেষত আৰক্ষীয়ে অভিযান চলাই জখলাবন্ধাৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ দলটোৱে কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে জয়ন্ত দাস আৰু ৰঞ্জিত দাসক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিক নিৰ্মূল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে। বাল্য বিবাহৰ লগত জড়িত হাজাৰ হাজাৰ লোকক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

অসম আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ কৰি বাল্য বিবাহৰ লগত জড়িত সকলক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজ্যত ইয়াকেলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক সকলোৱে সমৰ্থন জনাইছিল যদিও একাংশই চৰকাৰক সমালোচনা কৰাও পৰিলক্ষিত হৈছিল। চৰকাৰে বাল্য বিবাহৰ ৰোধৰ বাবে প্ৰথমে সজাগতা সৃষ্টি কৰিব লাগিছিল বুলিও একাংশই মন্তব্য প্ৰদান কৰিছিল।