Fashion : গুৱাহাটীত বুটিক্‌ছ অৱ ইণ্ডিয়াৰ ফেশ্যন এণ্ড লাইফষ্টাইল এক্সিভিছনৰ সামৰণি

In ৰাজ্য
Umra Package

গুৱাহাটী : দেশৰ জনপ্রিয় এক্সিভিছন বুটিক্‌ছ অৱ ইণ্ডিয়া চমুকৈ বিঅ’আইয়ে গুৱাহাটীৰ খানাপৰাৰ তাজ ভিভান্তাত দুদিনীয়াকৈ অনুষ্ঠিত কৰে ৩৪ সংখ্যক বুটিক্‌ছ অৱ ইণ্ডিয়াৰ ফেশ্যন এণ্ড লাইফষ্টাইল এক্সিভিছনৰ মঙলবাৰে সামৰণি পৰে (Fashion)। মহানগৰীৰ খানাপৰাৰ তাজ ভিভান্তাত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ফেশ্যন এণ্ড লাইফষ্টাইল এক্সিভিছন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল এ এম টেলিভিছন গ্রুপৰ অধ্যক্ষা ড° আকশাতা নাৰেইনে।

উদ্বোধনী অনুষ্ঠানত প্ৰসিদ্ধ ফেশ্যন ডিজাইনাৰ পায়েল চাধ্যা, লেডীছ চাৰ্কোল ইণ্ডিয়াৰ এৰিয়া-১৪ ৰ অধ্যক্ষ বন্দনা আগৰৱাল আৰু বি অ আইৰ প্ৰতিষ্ঠাপক সঞ্জয় আগৰৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। বি অ আইৰ কালেকশ্বন যুৱতী তথা মহিলা সকলৰ বাবে প্ৰিয়। অসম তথা উত্তৰ-পূবৰ লোকসকলৰ বাবে আয়োজন কৰা এই মেলাত নতুনত্বৰ সংযোজন ঘটোৱা বস্তুসম্ভাৰকে আদি কৰি বিভিন্নধৰণৰ সামগ্ৰী উপলব্ধ হয়।

বিশেষকৈ ফেশ্যন, হ’মডেকৰ, হেণ্ডল’ম, জুৱেলাৰী, এছ’চেৰিছ, ব্ৰাইডেল ৱেৰ, শিশুৰ বস্ত্ৰসম্ভাৰকে আদি কৰি পুৰুষৰ বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ হয়। মেলাত বিভিন্ন প্ৰান্তৰ ৬৫ টাকৈ ব্যৱসায়িক প্রতিষ্ঠানে অংশগ্ৰহণ কৰে। উৎসৱ পাৰ্বণৰ বাবে নতুনত্বৰ সংযোজন ঘটোৱা সাজ-পোছাক, গহনা, গৃহসজ্জাকে আদি কৰি শিশু, পুৰুষ, মহিলাৰ সকলোধৰণৰ সাজ-পোছাক উপলব্ধ হয়।

বিঅ’আয়ে সমাজৰ পিছপৰা লোকসকলৰ বাবে বিভিন্ন সময়ত সেৱা আগবঢ়াই আহিছে। উল্লেখ্য, বুটিক্‌ছ অৱ ইণ্ডিয়া এক্সিভিছনৰ চিইঅ’ সঞ্জয় আগৰৱালাই কয় যে গ্ৰাহক তথা নৱ প্ৰজন্মৰ পছন্দৰ প্ৰতি লক্ষ্য ৰাখি আগশাৰীৰ ব্ৰেণ্ড বিশেষ কৈ ষ্টীচ্চ পয়েটৰী, ফ’ম,পা’ছ অফিচিয়েল, গুজেল, লেবেল ছিয়াৰা, বির্ধিচান্দ ঘনেশ্যাসদাস জয়পুৰ, ন’মো জুৱেলাৰ্চ, পালশানী জুৱেলাৰ্চকে আদি কৰি বহু আগশাৰীৰ ব্ৰেণ্ড অংশ গ্ৰহণ কৰে।

তেওঁ লগতে কয় যে মাজৰ উন্নয়নৰ বাবে বিভিন্নধৰণৰ পদক্ষেপ প্ৰদান কৰা হৈছে। সমাজৰ বিভিন্ন ক্ষেত্ৰখনৰ ব্যৱসায়ী কিম্বা শিপিনীসকলক এখন প্লেটফৰ্ম দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu