গুৱাহাটী, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ : প্ৰতিবাদী শিক্ষকসমাজলৈ অৱশেষত চকু মেলি চালে ৰাজ্যৰ শিক্ষা বিভাগে। দীৰ্ঘদিনৰ দাবী প্ৰতিবাদবোৰৰ পাছত মানি ললে শিক্ষা বিভাগে ।

২০২০ চনৰ ভিতৰত টেট পৰীক্ষা অনুষ্ঠিত কৰিব সংযোগী শিক্ষকৰ বাবে । এই সন্দৰ্ভত ১৫ ডিচেম্বৰৰ ভিতৰত জাননী জাৰি কৰিব শিক্ষা বিভাগে। এই পৰীক্ষাৰ পৰিচালনা কৰিব ছেবাই।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল সংযোগী শিক্ষকসকলে । বুধবাৰেও মহানগৰীৰ গুৱাহাটী ক্লাৱৰ পৰা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহলৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংযোগী শিক্ষক সমাজে ।

প্ৰতিবাদী কাৰ্যসূচীত বিশেষ টেট অনুষ্ঠিত কৰি চাকৰি নিয়মীয়া কৰণৰ দাবী জনায় প্ৰতিবাদীসকলে। ইয়াৰ পূৰ্বেও কাহিলীপাৰাত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

প্ৰতিবাদকাৰীৰ মন্তব্য যদি আমাৰ জীৱনক লৈ হেতালি খেলিছিল তেনেহলে কিয় আমাক লিখিত প্ৰতিশ্ৰুতি দিছিল। যদি আমি যোগ্য নহয় আগতেই না কৰিব লাগিছিল।