গুৱাহাটী, ১৯ নৱেম্বৰ : গছৰ সুৰক্ষাৰ হকে মাত মাতিবলৈ ভৰলুমুখৰ শংকৰদেৱ উদ্যানত মঙলবাৰে পুৱাই উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং। চৰকাৰে প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংসকাৰ্যক তীব্র ভাষাৰে সমালোচনা কৰে প্ৰকৃতি প্ৰেমীগৰাকীয়ে।

“আমি উন্নয়নৰ বিৰোধিতা নকৰো। কিন্তু উন্নয়নৰ নামত জধে-মধে গছ কটাৰ বিৰোধিতা কৰো।” উদ্যানত উপস্থিত হৈ অৰণ্য মানৱ যাদৱ পায়েঙে এনেদৰে কয়।

উল্লেখযোগ্য যে ভৰলুমুখৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণৰ ফলত ভালেমান গছ কটাৰ আশংকা কৰা হৈছে ।

দলংখন নিৰ্মাণৰ ফলত ভৰলুমুখৰ শংকৰদেৱ উদ্যান, আজানপীৰ উদ্যান আৰু মাছখোৱাৰ পৰা কালিপুৰলৈ সমগ্ৰ নৈপৰীয়া অঞ্চলটোৰ বিস্তৰ ক্ষতি হ’ব। কাৰণ এই অঞ্চলত থকা গছবোৰত বিভিন্ন চৰাই-চিৰিকটিয়ে বাস কৰে। ঠিক সেইদৰে শিশুৰ পৰা বৃদ্ধলৈও উদ্যানখন অতি গুৰুত্বপূৰ্ণ।

দলংখনৰ নিৰ্মাণৰ ফলত প্ৰকৃতিৰ হ’বলগীয়া ক্ষয়-ক্ষতিৰ বিৰোধীতা কৰিলে প্ৰকৃতি প্ৰেমী গৰাকীয়ে।

উক্ত স্থানত সমবেত হোৱা গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠন আদিৰ লোকসকলক সামৰি এখন কমিটি গঠন কৰি নদী পাৰটোৰ সুৰক্ষাৰ বাবে দাবী জনায় যাদৱ পায়েঙে।

নদীৰ পাৰত থকা গছসমূহ নকটাকৈ দলংখন নিৰ্মাণ কৰিবলৈও চৰকাৰক অনুৰোধ জনায় অৰণ্য মানৱগৰাকীয়ে লগতে শিক্ষাৰ্থীসকলকো গছ পুলি ৰোপন কৰি ইয়াৰ প্ৰতিপালন কৰিবলৈ আহ্বান জনায়।