নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ নৱেম্বৰ : যোৱা ৰাতি ওৰাঙৰ গেলাবিলত মঙ্গলদৈৰ পৰা তেজপুৰ অভিমুখে বিয়া খাই উভতি অহাৰ পথত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় ৮ জনকৈ লোক ।

তেজপুৰৰ তেলেৰীয়াত বিয়া খাবলৈ গৈ উভতাৰ পথতে সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটো। ৰৈ থকা এখন ট্ৰাকখনত খুন্দা মাৰে বিবাহযাত্ৰীৰ আৰ্টিগা বাহনখনে।পুৱতি নিশা প্ৰায় ২.৩০ মান বজাত সংঘটিত হয় দুৰ্ঘটনাটো।

নিহতসকল ক্ৰমে চালক দিগন্ত শইকীয়া, নাৰায়ণ দাস, পিংকু বৰা, ৰঞ্জিত ডেকা, ৰিংকু শইকীয়া, কমল দেৱনাথ, পাৰ্থ কুৰি আৰু মনোৰঞ্জন শৰ্মা।

উল্লেখযোগ্য যে এই দুৰ্ঘটনাটোত নিহত পিংকু বৰা নামৰ যুৱকজন আছুৰ সক্ৰিয় কৰ্মীৰ লগতে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক আছিল।

দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ এ এছ- ১২বি-২০২২।