জাগীৰোড, ২০ নৱেম্বৰ: জাগীৰোডস্থিত নগাঁও কাগজ কলৰ ভিতৰত অৱস্থিত মানৱ সম্পদ উন্নয়ন দপ্তৰৰ অধীনত থকা কেন্দ্ৰীয় বিদ্যালয়খনলৈ নামি আহিছে অশনি সংকেত। কাগজ কলটো বন্ধ হৈ থকাৰ বাবে শিক্ষক কৰ্মচাৰীয়ে কেইবা মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হোৱাত শিক্ষক কৰ্মচাৰীয়ে বিদ্যালয়খন এৰি যাবলৈ বাধ্য হৈছে। এনেদৰে শিক্ষক-কৰ্মচাৰীয়ে বিদ্যালয়খন ত্যাগ কৰাত বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি থকা প্ৰায় ৭৬৮ গৰাকী শিক্ষাৰ্থীৰ ভৱিষ্যতত নামি আহিছে অন্ধকাৰ। জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ত দেখা দিয়া আচলাৱস্থাই সমগ্ৰ মৰিগাঁও জিলাৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ সৈতে হিন্দুস্থান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডে কৰা চুক্তি অধীনত চলা বিদ্যালয়খনত শেহতীয়াভাৱে শিক্ষক কৰ্মচাৰীসকলক হিন্দুস্থান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডে নিয়মীয়া আৰ্থিক পুঁজি মোকোলাই দিবলৈ অপাৰগতা প্ৰকাশ কৰাৰ বিপৰীতে কেন্দ্ৰীয় বিদ্যালয় সংগঠনেও চুক্তিৰ দোহাই দি এই ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব কাগজ কল কৰ্তৃপক্ষলৈ ঠেলি দিছে। এই দুই মহৰ যুঁজৰ ফলত অন্ধকাৰ নামি আহিছে বিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ ভৱিষ্যতলৈ। বৰ্তমানলৈকে দৰমহাৰ পৰা বঞ্চিত হোৱা ১৪ গৰাকীকৈ শিক্ষক শিক্ষত্ৰীয়ে বিদ্যালয়খন ত্যাগ কৰিছে যাৰ ফলত বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ অভিভাৱসকল নিজৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে। এই সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিয়ে কেন্দ্ৰীয় মানৱ সম্পাদন উন্নয়ন দপ্তৰৰ মন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। আনহাতে যোৱা কিছুমাহ ধৰি নগাওঁ পেঁপাৰ মিলখন প্ৰায় বন্ধ হৈ থকাৰ বাবে পেঁপাৰ মিলৰ কৰ্মচাৰীসকলৰ অৱস্থা পানীত হাঁহ নাচৰা হৈ পৰিছে। পেঁপাৰ মিলৰ কৰ্মচাৰীসকলে নগাওঁ পেঁপাৰ মিল কার্যক্ষম কৰি তোলাৰ বাবেও দাবী জনাই আহিছে যদিও কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত এতিয়ালৈ কোন ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।