গুৱাহাটী, সংবাদ ৩৬৫, ৪ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে পুনৰ আন্দোলনত নামিল সদৌ অসম ছাত্ৰ সন্থা । গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত অনুষ্ঠিত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যৰ লগতে সন্থাটোৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য, সম্পাদক লুৰিনজ্যোতি গগৈ, সভাপতি দীপাংকৰ নাথ ।

বিভিন্ন প্ৰতিবাদী শ্লো গানেৰে দীঘলী পুখুৰী উত্তাল কৰি তোলে সদৌ অসম ছাত্ৰ সন্থাই । জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলওঁ, উই অ’পজ কেৱ, অসম চুক্তি ৰূপায়ন কৰক আদি শ্লো গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সন্থাটোৱে ।

প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্যই কয় ” ১৮ নৱেম্বৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। খিলঞ্জীয়াই কেতিয়াও বাংলাদেশীৰ ওচৰত কেতিয়াও আঁঠুনাকাঢ়ে।”

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে প্ৰতিবাদী কাৰ্যসূচীত সংবাদ মাধ্যমৰ আগত কয় যে “নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উপৰত জাপি দিব বিচাৰিছে। জাপি দি অসমীয়া ভাষা, সংস্কৃতি আদিৰ বিনাশ কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে যি ব্লু প্ৰিন্ট ৰচনা কৰিব বিচাৰিছে তাৰ বিৰুদ্ধেই আজিৰ এই সংগ্ৰাম । সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ আগতেও সংগ্ৰাম কৰিছে । সমগ্ৰ ভাৰতবৰ্ষজুৰি এই সংগ্ৰাম থাকিব। এই সংগ্ৰামৰ নতি স্বীকাৰ কৰি কেন্দ্ৰীয় চৰকাৰে লোকসভাত পাছ কৰাৰ পাছতো ৰাজ্য সভাত পাছ কৰিব নোৱাৰিলে। এতিয়া পুনৰ অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে কেৱ আনিম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত জাপি দিম । সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ জাতিসত্বাক নিঃশেষ কৰিব পৰা এই বিলে অসমৰ জাতিসত্তাক সৰ্বনাশ মাতি আনিব। সেই কাৰণেই কৈছোঁ যে এই বিলক কেতিয়াও মানি নলওঁ। ৰাজপথত এই সংগ্ৰাম সদৌ অসম ছাত্ৰ সন্থাই আজিৰে পৰা আৰম্ভ কৰিছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলজুৰি এই সংগ্ৰাম চলিব। অসমৰ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী, বিধায়কক এই বিধেয়কৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছোঁ।”