নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ অক্টোবৰ : জম্মু–কাশ্মীৰৰ শ্ৰীনগৰৰ কাকা ছৰাই অঞ্চলত নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণ।

শনিবাৰে নিশা কেৰন নগৰ আৰক্ষী থানাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। এই আক্ৰমণত আহত হয় ৬ জনকৈ জোৱান। জোৱানসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

ইফালে এই আক্ৰমণৰ পিছতেই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে নিৰাপত্তাৰক্ষীয়ে।

উল্লেখযোগ্য যে যোৱা দুদিন পূৰ্বেও সন্ত্ৰাসবাদীয়ে জম্মু–কাশ্মীৰৰ কুলগাম জিলাত চিআৰপিএফৰ জোৱানৰ এটা দললৈ লক্ষ্য কৰি গ্ৰেনেডেৰে আক্ৰমণ চলাইছিল।