নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ অক্টোবৰ : পাঁচদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে ভাৰতত উপস্থিত নেদাৰলেণ্ডৰ ৰজা উইলেম-আলেকজেণ্ডাৰ আৰু ৰাণী মাক্সিমা । এই ভ্ৰমণত তেওঁলোকে দ্বিপাক্ষিক অৰ্থনীতি আৰু ৰাজনৈতিক সহযোগিতা সম্বন্ধে ভাৰতৰ শীৰ্ষ নেতৃবৃন্দৰ লগত আলোচনাত মিলিত হ’ব ৷

২০১৩ চনত ৰাজকীয় শাসনভাৰ গ্ৰহণ কৰাৰ পাছত ডাচ্চ ৰজা-ৰাণীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।

তেওঁলোকে সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ।

ইয়াৰোপৰি তেওঁলোকে বুধবাৰে দিল্লীত ২৫ সংখ্যক প্ৰযুক্তি শীৰ্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠান অংশগ্ৰহণ কৰিব ৰজা উইলেম-আলেকজেণ্ডাৰ আৰু ৰাণী মাক্সিমাই।