ডিগবৈ, নৱেম্বৰ ৮: নগা শান্তি চুক্তি ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰা, অসমত পূৰ্ণ স্বায়ত্ব শাসন প্ৰৱৰ্তন, দ্বি নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰদানৰ দাবীত ডিগবৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিয়ে জোঁৰ সমদল বাহিৰ কৰে৷ বিয়লি পৰিষদৰ প্ৰায় শতাধিক কৰ্মীয়ে হাতে হাতে জুই শিখা লৈ ৰাজ্য চৰকাৰ মূৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ, বিজেপি চৰকাৰ হুচিয়াৰ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক যদু সোনোৱাল আৰু যুটীয়া সম্পাদক কাঞ্চন বৰাই বৃহত্তৰ নাগালিম গঠনৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধীতা কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ জনতাক ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ লগতে অসমীয়াৰ স্বাভিমানত আঘাত সনাৰ অভিযোগ উত্থাপন কৰে৷ পৰিষদে কেন্দ্ৰীয় চৰকাৰক অসম বিৰোধী মনোভাৱ পৰিহাৰ কৰিবলৈ সকীয়াই দিয়ে৷ অন্যথা পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷