ডিগবৈৰ, নৱেম্বৰ ৯: আবকাৰী বিভাগে অতৰ্কিতে অভিযান চলাই তিনিচুকীয়া জিলাৰ কেইবাটাও স্থানত প্ৰায় ১৫ টাৰো অধিক অবৈধ চুলাই মদৰ ভাঁটি উচ্ছেদ কৰে৷ উপ আৱকাৰি অধীক্ষক জন ফুকনৰ নেতৃত্বত আৱকাৰী বিষয়াসকলে তিনিচুকীয়াৰ ১ নং অসমীয়া গাঁও, টিংৰাই বজাৰ, ৰাইদাং, বেঙেনাবাৰী, কাকপথাৰ, ৰূপাই, হাঁহচৰাৰ লগতে তিনিচুকীয়া চহৰৰ দাঁতিকাষৰীয়া কেতবোৰ স্থানত অবৈধ চুলাই মদৰ বিৰুদ্ধে তীব্ৰভাৱে অভিযান চলাই বৃহৎ পৰিমানৰ চুলাই মদ জব্দ কৰে৷ ইফালে এই অভিযানৰ সময়চোৱাত টিংৰাই অঞ্চলৰ দুজনকৈ কুখ্যাত চুলাই ব্যৱসায়ী ক্ৰমে সুৰজ মৰাণ ওৰফে দধং আৰু মণ্টু মৰাণক অসম আৱকাৰী আইনৰ অধিনত গ্ৰেপ্তাৰ কৰে৷  আনহাতে আৱকাৰী বাহিনীৰ মানুহ  অহাৰ খবৰ পায় অঞ্চলটোৰ আন এজন কুখ্যাত চুলাই ব্যৱসায়ী প্ৰণৱ মৰাণ পলায়ন কৰে৷ আবকাৰী বাহিনীয়ে এই তিনিওজন ব্যৱসায়ীৰ চুলাই বনোৱা ফেক্টৰী উচ্ছেদ কৰে৷ এই অভিযানৰ সময়চোৱাত টিংৰাই বজাৰৰ কুখ্যাত অবৈধ মদ ব্যৱসায়ী বুধিন ৰাজ কোঁৱৰকো দোকানত মদ বিক্ৰী কৰি থকা অৱস্থাত আটক কৰে লগতে বৃহৎ পৰিমানৰ দেশী বিদেশী সুৰা জব্দ কৰে৷ অঞ্চলটোত অবৈধ সুৰাৰ বণ্যা বোৱাই অঞ্চলটোৰ বাতাবৰণ কলুষিত কৰা এই কেইজন ধুৰন্ধৰ ব্যৱসায়ীক আটক কৰা কাৰ্যত সন্তোষ প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন মহলে৷