গুৱাহাটী, ১৩ জুন, ২০২৩ : এইবাৰ মালিগাঁৱত দুর্ঘটনা। মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেঁতু তলত সংঘটিত হৈছে এই দুর্ঘটনা। নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা প্ৰকাণ্ড লোহাৰ চাটাৰিং শ্লেব এটা খহি আহত হয় দুজনকৈ লোক (Two injured)। লোকৰ চাটাৰিং শ্লেব এজন লোকৰ বাহনৰ ওপৰত পৰাত ক্ষতিগ্ৰস্ত বাহনখন। ঘটনাক কেন্দ্ৰ কৰি মালিগাঁৱত তীব্ৰ চাঞ্চল্য।

গুৱাহাটী মহানগৰীৰ কোন ঠাইত কেতিয়া কি দুর্ঘটনা সংঘটিত হয় ইয়াৰ কোনো নিশ্চয়তা নাই। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত চলি থকা নিৰ্মাণ কাৰ্যই পাতিছে মৰণফাণ্ড। যিকোনো লোক, যিকোনো সময়তে এই মৰণফাণ্ডত পৰি হেৰুৱাব পৰা প্ৰাণ। ইতিমধ্যে এনে ঘটনা সংঘটিত হৈ গৈছে আৰু এনে ঘটনা সংঘটিত হৈ আছে। ইয়াৰ পিছতো জনসাধাৰণ ভগৱানৰ ভৰসাত এৰি দিছে চৰকাৰ তথা প্ৰশাসনে।

নিৰ্মাণ কাৰ্য চলাই থকা প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবে মঙলবাৰে পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হ’ল গুৱাহাটীত। এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও দুজন লোক আহত হৈছে। ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মালিগাঁৱত নিৰ্মাণ কাৰ্য চলি থকা উৰণীয়া সেঁতুৰ ওপৰৰ পৰা এটা প্ৰকাণ্ড লোৰ চাটাৰিং শ্লেব ৰাজপথত পৰি দুজন লোক আহত হয়। মালিগাঁৱৰ প্ৰাগজ্যোতিষ চিনেমা সন্মুখত সংঘটিত হয় এই ভয়ংকৰ দুর্ঘটনা।

এই দুর্ঘটনা আহত হোৱা লোক দুজনৰ ভিতৰত এজন লোকৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে। আহত লোক দুজন উৰণীয় সেঁতুৰ নিৰ্মাণ কাৰ্য লগত জড়িত শ্ৰমিক। দুর্ঘটনাৰ পিছতে দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে প্ৰকাণ্ড লোৰ চাটাৰিং শ্লেব এখন বাহনৰ ওপৰত পৰাত বাহনখনৰ বেয়াকৈ ক্ষতি সাধন হৈছে। এই ভয়ংকৰ দুর্ঘটনাৰ পৰা কথমপী ৰক্ষা পৰে বহু লোক। ঘটনাৰ পিছতে ৰাইজে প্ৰশাসন তথা চৰকাৰক তীব্ৰ সমালোচনা কৰে।

মহানগৰীত বিভিন্ন নিৰ্মাণ কাৰ্যৰ লগত জড়িত প্ৰতিষ্ঠান সমূহৰ গাফিলত আৰু দায়িত্বহীনতাৰ ফলত সঘনাই দুর্ঘটনা সংঘটিত হৈ আছে। চৰকাৰ তথা জিলা প্ৰশাসনে এই প্ৰতিষ্ঠান সমূহক কেৱল মাত্ৰ ধমক দি আৰু তদন্তৰ ঘোষণাই কৰিয়ে দায়িত্ব সামৰিছে বুলি মালিগাঁও অঞ্চলৰ এজন লোকে ক্ষোভ প্ৰকাশ কৰে। গুৱাহাটীত এতিয়া সাধাৰণ জনতাৰ জীৱনৰ নিৰাপত্তা নাই বুলিও একাংশই ক্ষোভ উজাৰে। উল্লেখ্য যে সোমবাৰে দুপৰীয়া জু-ৰোড আৰু ৰাজগড় সংযোগী পথত জল ৱ’ৰ্ডৰ পানীৰ পাইপ বিস্ফোৰণ ঘটি সৰ্বসাধাৰণ ৰাইজৰ বিস্তৰ ক্ষতি সাধন হৈছিল।