দেৰগাঁও, নৱেম্বৰ ৯: গোলাঘাট জিলাৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ গাঁওবাসীক কন্দুৱাই মুক্তিযুদ্ধা, সত্ৰাধিকাৰ, ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰপ্ৰাপ্ত তথা বৃহত্তৰ অঞ্চলটিৰ অভিভাৱকস্বৰূপ শ্ৰী শ্ৰী বিপিন চন্দ্ৰ গোস্বামীদেৱে নিশা প্ৰায় ১০:৩০ বজাত যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। স্বৰ্গীয় শোভন চন্দ্ৰ গোস্বামী আৰু লক্ষ্মীপ্ৰিয়া গোস্বামীৰ জ্যেষ্ঠ পুত্ৰ হিচাপে ১৯১৬ চনত জন্মগ্ৰহণ কৰা গোস্বামী যোৰহাট কাকজান হাইস্কুলত দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল। আন্দোলনকাৰী হিচাপে বহুদিন কাৰাবাস খাটি গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰা শ্ৰী শ্ৰী গোস্বামীয়ে ১৯৬২ চনত তিনি তৰপীয়া পঞ্চায়তৰ সভাপতি, পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে কৰ্মজীৱন আৰম্ভ কৰি দেৰগাঁৱৰ ডিকেডি কলেজ, ব্ৰহ্মপুত্ৰ অঞ্চলৰ ন-ভঙ্গা, পুৰণিমাটি, কৰৈয়ণী, বালিডোৱা, মামৰণি, আদি গাঁৱত বিদ্যালয় প্ৰতিষ্ঠা কৰি সভাপতিৰ দায়িত্ব বহন কৰে। দেৰগাঁও থানা সমিতিৰ সদস্য, ব্লক ভিজিলেঞ্চ সমিতি, ৰোড কমিটি আদিৰ সদস্যকে ধৰি ১৯৯৩ চনৰ পৰা গোলাঘাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উপ সভাপতি-সভাপতি, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ পদেন সদস্যকে ধৰি বিভিন্ন অনুষ্ঠানৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰে। ১৯৮৩ চনৰ পৰা চৰকাৰৰ মুক্তি যুঁজাৰু পেঞ্চন পোৱাৰ পিছত ক্ৰমে ১৯৯৩ চনৰ ৯ আগষ্ট তাৰিখে দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত ৰাজহুৱা সম্বৰ্ধনা আৰু ২০১৫ চনৰ ৯ আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰে। ব্যক্তিৰ পৰা ক্ৰমে অনুষ্ঠানলৈ পৰ্যবেশিত হোৱা শতবৰ্ষগৰকা সমাজ প্ৰতিষ্ঠাপক গৰাকীৰ মৃত্যুৰ বাৰ্তা পাই অঞ্চলটিৰ দল-সংগঠন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা তথা প্ৰায় দুই হাজাৰৰো অধিক লোকে পুৰণিমাটি আহঁতগুৰি সত্ৰৰ চৌপাশ ওপচাই তোলে। শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাবলৈ ন-ভঙ্গা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়, ব্ৰহ্মপুত্ৰ শংকৰদেৱ শিশু নিকেতন আৰু পুৰণিমাটি মধ্য ইংৰাজী বিদ্যালয়ৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সমদল কৰি আহি প্ৰাৰ্থনাৰে আত্মাৰ সদগতিৰ কামনা কৰে । সমাজকৰ্মী অৰূপ কুমাৰ বৰায়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুল শইকীয়া, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেৱব্ৰত দত্ত, ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক মৃদুস্মন্ত বৰুৱাৰ লগতে শতাধিক আছু কৰ্মী, ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ সভাপতি অতুল কুমাৰ বৰা, সম্পাদক শাংকৱ কৌশিক ভূঞা, পশ্চিম ব্ৰহ্মপুত্ৰ শাখা সাহিত্য সভাৰ সভাপতি পদ্মধৰ বৰা,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণী সমিতি, পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰভাৱতী মিলি-সচিব সুভাষ থাপা, গোলাঘাট জিলা সাংবাদিক সন্থা, আপকু গোলাঘাট জিলা সমিতি, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, শ্ৰীমন্ত শংকৰদেৱ সংঘ-ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতি, অবিভক্ত ব্ৰহ্মপুত্ৰ ভাগৱত আৰু কীৰ্তন পাঠ সমিতি, পুৰণিমাটি সমাজকল্যাণ যুৱ সংঘ, জৰাগুৰি নৱদ্বীপ যুৱ সংঘ, অসম গণ পৰিষদ-ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতি, ব্ৰহ্মপুত্ৰ সাহিত্য সন্মিলনী, দেৰগাঁও প্ৰেছ ক্লাৱ,বৃহত্তৰ অসমীয়া যুৱ মঞ্চ-গোলাঘাট জিলা সমিতি, অসমীয়া যুৱ মঞ্চ-গোলাঘাট জিলা সমিতি, খকন্দগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতি, ভৰদ্বাজ শান্তি আশ্ৰম,অসম ব্ৰাহ্মণ সমাজ, মুক্তিযুদ্ধা জীৱেশ্বৰ হাজৰীকা ন্যাস, সুদৰ্শন থিয়েটাৰ পৰিচালনা সমিতি, শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰ-খকন্দগুৰি আদিয়ে শ্ৰদ্ধাঞ্জলী জনাই। বৃহত্তৰ অঞ্চলটিত শিক্ষা, সাহিত্য-সংস্কৃতি, মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আদি সমগ্ৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰা মহান ব্যক্তি গৰাকীৰ আত্মাৰ সদগতিৰ বাবে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে অঞ্চলটিৰ বিদ্যালয় সমুহে শোকসভা অনুষ্ঠিত কৰি শোকদিৱস হিচাপে পালন কৰে। অঞ্চলটিৰ একমাত্ৰ মুক্তিযুদ্ধা তথা শতবৰ্ষ গৰকা মহান ব্যক্তিজনৰ মৃত্যু অঞ্চলটি তথা সমগ্ৰ গোলাঘাট জিলাৰ বাবেই অপূৰণীয় ক্ষতি।