গুৱাহাটী 

১৭ জুলাই

ডিওৱাই ৩৬৫ নিউজ চেনেলৰ ধুবুৰীৰ সাংবাদিক তথা ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মাক বুধবাৰে মাজনিশা আটক কৰা ঘটনাক ৰহস্যজনক আখ্যা জাৰ্ণেলিষ্ট এছ’চিয়েছন অৱ্ আছাম “জা” আৰু নেশ্চনেল ইউনিয়ন অৱ্ জাৰ্ণেলিষ্ট ইণ্ডিয়া, এন ইউ জে আইৰ। সাংবাদিক গৰাকীক অতি শীঘ্ৰে বিনাচৰ্ত্তে মুক্তিৰ দাবী সাংবাদিক মহলৰ।

বুধবাৰে মাজনিশা সাংবাদিক ৰাজীৱ শৰ্মাক ঘৰৰ পৰা আটক কৰাৰ পিছতেই সাংবাদিক গৰাকীৰ পিতৃৰ আকস্মিক বিয়োগৰ দৰে মৰ্মান্তিক ঘটনাৰ পাছতো মানৱতাবোধ নথকা সংশ্লিষ্ট আৰক্ষী প্ৰশাসনক কঠোৰ ভাষাৰে গৰিহণা জনাই “জা”ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু মূখ্য উপদেষ্টা তথা এন ইউ জে আইৰ ৰাষ্ট্ৰীয় উপ সভাপতি ভূপেন গোস্বামীয়ে কয় যে, শেহতীয়াকৈ চোৰাং গৰু সৰবৰাহ আৰু গৰুৰ ছিণ্ডিকেটৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰাৰ বাবেই ৰাজীৱ শৰ্মাক আৰক্ষী বিষয়াই এনে ব্যৱহাৰৰ কৰিছে। তদন্তৰ নামত কোনো কাৰণতে সাংবাদিক গৰাকীক যাতে হাৰাশাস্তি নকৰে তাৰ বাবে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত সংগঠনটোৱে অনুৰোধ জনাইছে।

আনহাতে সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰাৰ এনে চক্ৰান্তত জৰিত থকা আৰক্ষীৰ বিৰুদ্ধে শান্তি মূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ৰাজীৱ শৰ্মাক বিনাচৰ্ত্তে মুকলি কৰি দিয়াৰ আহ্বান জনাই সাংবাদিকৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও সংগঠনটোৰ তৰফৰ পৰা চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সকিয়াই দিয়ে।

ইফালে সাংবাদিক ৰাজীৱ শৰ্মাৰ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যতে সাংবাদিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। মাজনিশা আৰক্ষীয়ে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে গৌৰীপুৰৰ বাসগৃহৰ পৰা সাংবাদিক ৰাজীৱ শৰ্মাক উঠাই নি গ্ৰেপ্তাৰ কৰা কাৰ্যক ডিমৰীয়া অঞ্চলৰ প্ৰিন্ট, ইলেক্ট্ৰেনিক আৰু ডিজিটেল মাধ্যমৰ সাংবাদিক সকলে কঠোৰ ভাষাৰে গৰিহণা দিয়ে। ইপিনে পুত্ৰৰ প্ৰতি আৰক্ষীৰ অমানৱীয় আচৰণ সহ্য কৰিব নোৱাৰি সাংবাদিক গৰাকীৰ পিতৃয়ে উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনা অতি মৰ্মান্তিক বুলি অঞ্চলটোৰ সাংবাদিক সকলে মতপোষণ কৰি সাংবাদিক ৰাজীৱ শৰ্মাৰ পিতৃৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে সাংবাদিক গৰাকীৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি পৰিবেশন কৰি অহাৰ বাবে সাংবাদিক ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে গোচৰ জাপি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কন্ঠ ৰোধ কৰিব বিচৰা কাৰ্যক এক মুখে গৰিহণা দিয়ে ডিমৰীয়াৰ অঞ্চলৰ সাংবাদিক সকলে। দোষী ব্যক্তি সকলক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে সাংবাদিক ৰাজীৱ শৰ্মাক বিনাচৰ্তে মুক্তি দিবলৈ ডিমৰীয়া অঞ্চলৰ সাংবাদিক সকলে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে সোণাপুৰত একত্ৰিত হৈ ক’লা বেজ পৰিধান কৰি সাংবাদিক সকলে প্ৰতিবাদ সব্যাস্ত কৰে।