গুৱাহাটী, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : অহা ১৩ নৱেম্বৰত মধ্যপ্ৰদেশৰ বিদিশাত অনুষ্ঠিত হ’ব অল ইণ্ডিয়া স্কুল নেচনেল ভলীবল চেম্পিয়নশ্বিপ-২০১৯ । ইয়াত অংশগ্ৰহণ কৰিব অসমৰ ১৪জনীয়া দল আন্দাৰ-১৯ মেনেজাৰ জলটি ৰাম কাকতি আৰু কোচ দেৱজিৎ ডেকাৰ পুৰুষৰ দল।

দেওবাৰে পুৱা অসমৰ পৰা দলটোৱে ৰেলৰ যোগেদি বিদিশালৈ ৰাওনা হয়।

দেৱজিৎ ডেকাই কয় যে উক্ত চেম্পিয়নশ্বিপৰ বাবে ৰাজ্যৰ সকলো জিলাৰ মুঠ ৮০ গৰাকী খেলুৱৈয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুশীলন কৰিছিল আৰু ১৫ গৰাকী খেলুৱৈকহে ইয়াৰ বাবে বাছনি কৰা হয় ।

ডেকাই আৰু কয় যে সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰৰ উদ্যোগত যোৱা ২৯ অক্টোবৰত দহদিনীয়া কেম্পৰ আয়োজন কৰা হৈছিল য’ত মুঠ ১২ গৰাকী খেলুৱৈক ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইয়ুথ ৱেলফেয়াৰত বাচনি কৰা হয়।

উল্লেখযোগ্য যে অহা ১৩ নৱেম্বৰৰ পৰা হ’ব লগা চেম্পিয়নশ্বিপৰ ১৭ নৱেম্বৰত সামৰণি পৰিব।