মিৰ্জা, নৱেম্বৰ ৯: দক্ষিণ কামৰূপৰ ৰামপুৰৰ সৰু তেজপুৰত এটি ১১-১২ বছৰীয়া ল’ৰা বিগত কেইদিনমানধৰি চাইকেলেৰে অঞ্চলটোত তহল দি আছিল৷ জানিব পৰা মতে, সেই অচিনাক্ত কিশোৰজনে আনৰ দোকানে-দোকানে গৈ খুজি-মাগি খাই ফুৰিছিল৷ কিন্তু ল’ৰাজনক স্থানীয় ব্যক্তিয়ে “ক’ত ঘৰ” সোধাত কোনো উত্তৰ দিয়া নাছিল৷  অৱশেষত স্থানীয় ৰাইজে চাইল্ডলাইন আৰু বিজয়নগৰ আৰক্ষী চকীত খবৰ দিয়ে৷ পাছত বিজয়নগৰ আৰক্ষী চকীৰ সহযোগত ৰাণী চাইল্ডলাইনৰ ইকুপৰ্ণা দাস, মুস্তাফা আলি আৰু অৱনি কলিতাই কিশোৰজনক উদ্ধাৰ কৰি আনি সোধ-পোছ কৰাত কিশোৰজনে তেওঁৰ নাম ভাস্কৰ বুলি জানিব দিয়ে৷ চাইল্ডলাইনে উল্লেখ কৰা মতে, ল’ৰাজনৰ আনুমানিক বয়স ১১-১২ বছৰ হ’ব৷ আনহাতে ল’ৰাজনে তেওঁৰ ঠিকনা তথা মাক-দেউতাকৰ নাম উল্লেখ কৰা নাই বুলি জানিব দিয়ে৷ ল’ৰাজনৰ ঠিকনা কোনো সদাশয় ব্যক্তিয়ে জানিলে ৰাণী চাইল্ডলাইনৰ ৮৮৭৬৬-৮৩৫২৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে৷