দেৰগাঁও, নৱেম্বৰ ১২: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় দাধৰা আহোম পথাৰত। ফেব্ৰুৱাৰী মাহৰ ৭,৮,৯ আৰু ১০ তাৰিখে দেৰগাঁৱত অনুষ্ঠিত হ’ব ৮৭ সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন। পণ্ডিত ৰায় চাহাব গোপীকাবল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। প্ৰায় ২০ হাজাৰ ভক্তৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে দেৰগাঁৱৰ দাধৰা আহোম পথাৰ। জাতি ধৰ্ম নিৰ্বিশেষে উপস্থিত হয় এই কাৰ্যসূচীত। পুৱা ১০ বজাত লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে শংকৰ সংঘৰ পদাধিকাৰৰ উপৰিও সংঘৰ বিশিষ্ট বিষয়ববীয়া, জিলা আৰু প্ৰাথমিকৰ সদস্য সকল, কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ গৌৰৱ গগৈ, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ।