কলগাছিয়া, নৱেম্বৰ ১২: প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি কলগাছিয়াত বিশাল পদযাত্ৰাৰ জৰিয়তে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজালে কংগ্ৰেছে। জনীয়া সমষ্টিৰ বালাইপথাৰৰ পৰা আৰম্ভ কৰি কলগাছিয়ালৈ ৫ কি.মি. পথ পদযাত্ৰা কৰে জনীয়া সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তৰ কেইবা সহস্ৰাধিক নেতা-কৰ্মীয়ে। পদ যাত্ৰাত ইন্দিৰা গান্ধী অমৰ ৰহে, মোডী হাটাও দেশ বচাও শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে। ইফালে পদ যাত্ৰাৰ শেষত অনুষ্ঠিত হোৱা সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনত জনীয়াৰ বিধায়ক আব্দুল খালেকৰ হাত মজবুত কৰিবলৈ দলীয় কৰ্মীক আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মাধুৰ্য গোস্বামীয়ে। এই সভাত জনীয়া সমষ্টিৰ তাপেশ্বৰা গাঁও পঞ্চায়তৰ এ আই ইউ ডি এফৰ সভাপতি আবু জাফৰ আহমেদৰ লগতে ৯ জনকৈ পঞ্চয়ত সদস্যই এ আই ইউ ডি এফ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে।