মিৰ্জা, নবেম্বৰ ৮: দক্ষিণ কামৰূপৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা বৰঝাৰ বিমান বন্দৰৰ একেবাৰে গাতে লাগি থকা বঙৰাৰ এজন বিশেষভাৱে সক্ষম লোকৰ অসাধাৰণ কাম৷ বঙৰাৰ সলেশালা গাঁৱৰ এজন বিশেষভাৱে সক্ষম লোকৰ জীৱন সংগ্ৰাম৷ কানেৰে নুশুনা, মুখেৰে ক’ব নোৱাৰা প্ৰতিভাৱান মৃন্ময় শিল্পী জগত কুমাৰ বিশেষভাৱে সক্ষম হ’লেও হাৰ মনা নাই নিজৰ জীৱন সংগ্ৰামত৷
বিশেষভাৱে সক্ষম হৈয়ো সাহস হেৰুৱাই নেপেলোৱা এইজন ব্যক্তিয়ে নিজৰ উপাৰ্জনেৰে বিয়াবাৰু কৰাই ঘৰখন চলাই আছে৷ বিশেষকৈ বিভিন্ন পূজাৰ মুৰ্তি গনেশ, বিশ্বকৰ্মা, সৰস্বতী, মনসা আৰু ৰাস পূজা আদিৰ মৃন্ময় মুৰ্তি বনাই আহিছে৷ আজিকালি মন্দিৰৰ গেট আদিত কংক্ৰীট মুৰ্তি আদিও বনোৱা আৰম্ভ কৰিছে ৷ যদিও সঠিক মূল্য নিদিয়ে একাংশই কিয়নো তেওঁ যিহেতু মুখেৰে ক’ব নোৱাৰে সেই হেতু একংশই সুযোগ গ্ৰহণ কৰে৷ আজিলৈ চৰকাৰে বিভিন্ন আঁচনি বিশেষভাৱে সক্ষম লোকৰ বাবে মুকলি কৰিলে কিন্তু এইজন মৃন্ময় শিল্পীক এতিয়াও ঢুকি পোৱা নাই চৰকাৰী বহু অভিলাষী আঁচনীয়ে৷