ক্ষেত্ৰী, ১৬ জুনঃ ক্ষেত্ৰীৰ চক্ষুৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা এন এল ০৫ ডি ৮২৭৭ নম্বৰৰ ৰ’ড ভৰ্তী ট্ৰাকত একে দিশৰ পৰা আহি থকা এএছ ০১ ডিডি ০৯১৬ নম্বৰৰ এইছপি গেছ ভৰ্তী ট্ৰাকে খুন্দা মৰাত ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাতো ইমানে ভয়াবহ আছিল যে গেছ ভৰ্তী ট্ৰাকখনৰ চিলিণ্ডাৰ সমূহ বহু দূৰত উফৰি পৰে৷ দুৰ্ঘটনা সংঘটিত কৰা গেছ ভৰ্তী ট্ৰাক খনৰ চালক সহদেৱ বনাই (৩৪) গুৰুতৰ ভাবে আহত হয়৷ ট্ৰাকখনৰ পৰা স্থানীয় লোকে চালকজনক টানি উলিয়াই আৰক্ষীৰ সহযোগত গুৱাহাটীৰ জি এম চি এইছ লৈ প্ৰেৰণ কৰে৷ ক্ষেত্ৰী আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷