গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ২০ নৱেম্বৰ : সাধাৰণতে বিতৰ্কৰ মাজত নথকা জনপ্ৰিয় কণ্ঠশিল্পী বাবু এতিয়া বিতৰ্কৰ মাজত। বাবু বৰুৱাক তীব্ৰ সমালোচনাৰ লগতে চ’চিয়েল মিডিয়াত বিভিন্ন কটু মন্তব্যৰে থকা-সৰকা কৰিছে । আচলতে বাবু বৰুৱাৰ ভুল কি আছিল ?

শেহতীয়াকৈ কণ্ঠশিল্পী বাবুয়ে নিৰ্মাণ কৰিছিল ” মাজুলী গাভৰু ” শীৰ্ষক এটি গীত। গীতটিৰ ভিডিওত মাজুলীৰ গাভৰুৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে সত্ৰীয়া নৃত্যৰ পোছাক পৰিধান কৰি সত্ৰীয়া নৃত্য কৰি লগতে মুখা পৰিধান কৰি মানুহৰ আগত সেইয়া প্ৰদৰ্শন কৰি মানুহৰ পৰা পইছা সংগ্ৰহ কৰা দেখুওৱা গৈছিল।

ভিডিঅ’টিত কৰা উক্ত দৃশ্যাংশই মাজুলীৰ সংস্কৃতিক
অপমান কৰাৰ লগতে মাজুলীৰ সত্ৰীয়া সংস্কৃতিক বিকৃত কৰা বুলি ক্ষোভ উজাৰিছে ৰাজ্যবাসীয়ে। ইয়াৰোপৰি এই লৈ মাজুলীবাসী জাঙুৰ খাই উঠাৰ উপৰিও মাজুলীত কন্ঠশিল্পীগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰি দিছে।

ইফালে কন্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে কেইবাটাও দল–সংগঠনে এজাহাৰ দাখিল কৰাৰ লগতে কন্ঠশিল্পী গৰাকীক মাজুলীবাসীৰ ওচৰত ক্ষমা খোজাৰো দাবী তুলিছে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে।

” মোৰ নতুন আধুনিক গীত “মাজুলী গাভৰু” ৰ Video ক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছে সেয়া মোৰ একান্তই অনিচ্ছাকৃত।কোনো ধৰ্মীয় পৰম্পৰাৰ অনুভূতিক আঘাত কৰাৰ দু: সাহস মই কেতিয়াও কৰা নাই বা আগলৈও নকৰোঁ।যিহেতু”মাজুলী গাভৰু” গীত টিৰ Video টোৱে সত্ৰীয়া পৰম্পৰাৰ অনুভূতিত আঘাত হানিছে বুলি অভিযোগ উত্থাপিত হৈছে, সেয়ে মই অত্যন্ত ব্যথিত হৈছো আৰু এই Facebook মঞ্চৰ পৰাই এই অনিচ্ছাকৃত ভুলৰ বাবে সকলোৰে ওচৰত মই ক্ষমা ভিক্ষা প্ৰাৰ্থনা কৰিলোঁ লগতে গীত টিৰ Video টো উল্লেখিত YouTube channel ত সম্পাদনা কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ” – ৰাজ্যবাসীয়ে কন্ঠশিল্পীগৰাকীক বিভিন্ন সমালোচনাৰে ঠকা-সৰকা কৰাৰ পাছতে চ’চিয়েল মিডিয়াৰ জৰিয়তে এনেদৰে এক পোষ্টৰ যোগেদি ক্ষমা বিচাৰে ।

ইফালে কণ্ঠশিল্পীগৰাকীৰ এনে ক্ষমা মানি নলওঁ বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মাজুলীবাসীয়ে।