গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ২০ নৱেম্বৰ : বুধবাৰে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা জনতা ভৱন ঘেৰাও কৰি মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ।

সন্থাটোৰ দাবীসমূহ আছিল এন জি অ’ক দিয়া মধ্যাহ্ন ভোজন আঁচনিৰ দায়িত্ব বাতিল কৰা, ৰান্ধনীসকলক কামত ৰাখি তেওঁলোকৰ দৰমহা ৯৬০০লৈ বৃদ্ধি কৰা । এইসমূহ দাবীৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্ত লৈছিল মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই ।

পিছে মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী সফল নহ’ল । খেলপথাৰখনতে প্ৰতিবাদকাৰীসকলক আবদ্ধ কৰি জনতা ভৱনলৈ আহিব দিয়া নহ’ল।

ইফালে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা বহিবলৈ ইচ্ছুক হোৱাৰ বিপৰীতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে আলোচনাত মিলিত হবলৈ ইচ্ছুক নহয় ৰান্ধনী সন্থা।

পাছত প্ৰতিবাদস্থলীত আৰক্ষী আয়ুক্ত দীপক কুমাৰ উপস্থিত হৈ মুখ্যমন্ত্ৰীৰে সৈতে আলোচনা কৰোৱাৰ আশ্বাস দিয়ে আৰু আশ্বাস দিয়াত জনতা ভৱন ঘেৰাও কাৰ্যসূচী স্থগিত ৰাখে।

উল্লেখযোগ্য যে ১৯৯৫ চনতে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা মধ্যাহ্ন ভোজন আঁচনিখনৰ অসমত ৰূপায়ন হৈছিল ২০০৫ চনত । কোনোধৰণৰ মাননী নোলোৱাকৈ কাম কৰি অহা মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মচাৰীসকলে ২০০৯ চনৰ ডিচেম্বৰৰ পৰা মাত্ৰ বছৰটোৰ দহমাহৰ বাবে মাহিলী ১০০০ টকাকৈ মাননী লাভ কৰিলে তাকো বহুতো আন্দোলনৰ পাছত ।

ইফালে সম্প্ৰতি সমগ্ৰ আঁচনিখনকেই বেচৰকাৰীকৰণ অৰ্থাৎ অসমৰ প্ৰাথমিক শিক্ষা আয়ুক্ত স্বাক্ষৰিত নিৰ্দেশিকা মৰ্মে অনাচৰকাৰী সংস্থালৈ হস্তান্তৰ কৰা কাৰ্যক বিগত সময়চোৱাত বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৰান্ধনী সন্থাটোৱে ।