গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী অপ্সৰা প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে বিএন আই এংকৰৰ মেগা বিজনেছ প্ৰদৰ্শনী ‘এংকৰেজ’।

প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে। উক্ত উদ্বোধনী অনুষ্ঠানত প্ৰাগ নিউজৰ প্ৰতিষ্ঠাপক সঞ্জীৱ নাৰাইন, উদ্যোগপতি কৈলাশ চন্দ্ৰ লোহিয়া, ৰতন শৰ্মা, কুলৱন্ত সিং চীমাৰ লগতে বিএনআই গুৱাহাটী আৰু গ্ৰেটাৰ অসমৰ কাৰ্যবাহী সঞ্চালক সিদ্ধাৰ্থ গাৰদিয়া, সহযোগী সঞ্চালক পুনীত আগৰৱাল, বিএনআই এংকৰৰ সভাপতি ৰোহিত চাৰাৱগী, উপ-সভাপতি অংকিত জাজোদিয়া, মুখ্য প্ৰকল্প সমন্বয়ক সুকান্ত বিশ্বাস, অংকিত জৈন, পৱন খাতুৱালাৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে।

শনিবাৰৰ পৰা দুদিনীয়াকৈ পল্টন বজাৰৰ আশী অপ্সৰা প্ৰেক্ষাগৃহত আয়োজন কৰা বিএন আই এংকৰৰ মেগা বিজনেছ প্ৰদৰ্শনী ‘এংকৰেজ’ সন্দৰ্ভত বিএন আই গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক সিদ্ধাৰ্থ গাৰোদিয়াই কয় যে বিএনআই এংকৰে আয়োজন কৰা দুদিনীয়া মেগা অনুষ্ঠানত ৫০ ৰো অধিক প্ৰসিদ্ধ ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ বিভিন্ন সামগ্ৰী আৰু সেৱা প্ৰদৰ্শন কৰে। বিএনআই এংকৰৰ সভাপতি ৰোহিত চাৰাৱগীয়ে কয় যে এংকৰেজ হৈছে চহৰৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক অনুষ্ঠান আপোনাৰ সকলো প্ৰয়োজনীয় সামগ্ৰী এটা চালৰ তলত লাভ কৰিব।

বিভিন্ন দিশ প্ৰস্তুত কৰা হৈছে যিয়ে বহুতো ব্যৱসায়ৰ বিনিময়ত সহায় কৰিব। উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে, এই বৃহৎ প্ৰদৰ্শনী ভ্ৰমণৰ বাবে এইটো সৰ্বশ্ৰেষ্ঠ সময়। উপ-সভাপতি অংকিত জাজোদিয়াই কয় যে “বিএনআই এংকৰ” চেপ্টাৰ সদায় ইয়াৰ উদ্ভাৱন আৰু সৃজনশীলতাৰ বাবে জনাজাত আৰু আমি উত্তৰাধিকাৰীক আগবঢ়াই নিয়াত সহায় কৰি আহিছো, এংকৰেজে এক ডাঙৰ আৰু উন্নত সংস্কৰণ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

প্ৰকল্প সমন্বয়ক সুকান্ত বিশ্বাস, অংকিত জৈন, এংকৰেজৰ পৱন খাটুৱালাই কয় যে এই বৃহৎ অনুষ্ঠানটোৱে প্ৰদৰ্শক আৰু দৰ্শনাৰ্থীসকলক ইজনে সিজনৰ বাবে সহযোগিতা, সংযোগ আৰু নতুন ব্যৱসায় সৃষ্টি কৰাৰ যথেষ্ট সম্ভাৱনা প্ৰদান কৰিব। মিউচুৱেল ফাণ্ড, ৰিয়েল ইষ্টেট, সুৰক্ষা প্ৰণালী, ছফ্টৱেৰ, কম্পিউটাৰ আদিকে ধৰি বিভিন্ন প্ৰতিষ্ঠানে সামগ্ৰী প্ৰদৰ্শন কৰে ইত্যাদি। আনহাতে দৰ্শনাৰ্থীসকলৰ বাবে ব্যক্তিগত ১-২-১প্ৰদৰ্শনৰ ব্যৱস্থা আছে।”

ইয়াৰ উপৰিও অনুষ্ঠানটোত বিশিষ্ট চেলিব্ৰেটি সকলে বক্তব্য প্ৰদান কৰাৰ লগতে ব্যৱসায় প্ৰশিক্ষক ৰাজীৱ তালৰেজাৰ সন্ধিয়াৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।একেদৰে বিত্তীয় প্ৰশিক্ষক অমিত ত্ৰিবেদী উপস্থিত থাকিব। এংকৰেজত ৫০০০ ৰো অধিক দৰ্শনাৰ্থী অংশ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাই।