গৰ্গ জ্যোতি দাস 

অভয়াপুৰী : পুনৰ এক জঘন্য ধর্ষণকাণ্ড। আপত্তিজনক ফটো ভেইৰেল কৰাৰ ভাবুকিৰে ধর্ষণ। এগৰাকী ১৬ বছৰীয়া নাবালিকাক ভয়-ভাবুকিৰে ধর্ষণ। ভুক্তভোগী পৰিয়ালৰ অভিযোগত ধর্ষণকাৰী যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হৈছে এক জঘন্য ধর্ষণকাণ্ডৰ ঘটনা। ভয়-ভাবুকিৰে এগৰাকী ১৬ বছৰীয়া নাবালিকাক ধৰ্ষন কৰে এজন যুৱকে। ধর্ষণকাৰী যুৱকজন অভয়াপুৰীৰ লালমাটি গাঁৱৰ ছলেমান খুৰছিদ বুলি জানিব পৰা গৈছে।

ছলেমান খুৰছিদক ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে। একে গাঁৱৰ ১৬ বছৰীয়া এগৰাকী নাবালিকাৰ আপত্তিজনক ফটো সংগ্ৰহ কৰি ছলেমান খুৰছিদে ভাইৰেল কৰাৰ ভাবুকি দি দীৰ্ঘদিন ধৰি নাবালিকা গৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল।

অৱশেষত ধৰ্ষণৰ বলি হোৱা নাবালিকা গৰাকীয়ে মুখ খোলাত সকলো কথা পোহৰলৈ আহে। ভুক্তভোগী নাবালিকা গৰাকীৰ পৰিয়ালে ৰাইজৰ সহযোগত অভয়াপুৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।