শদিয়া, ২৪ অক্টোবৰ: তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত শদিয়া প্ৰেছ ক্লাব আৰু কলানিধি মহাবিদ্যালয়ৰ সহযোগত শদিয়াত আজি পুৱাৰে পৰা বিশাল ৰংমেলা অনুষ্ঠিত হৈছে।
তিনিটা শাখাত বিভক্ত এই চিত্ৰাংকন প্ৰতিযোগিতাৰ ফিটা কাটি শুভাৰম্ভ কৰে শদিয়াৰ মহকুমাধিপতি বিশ্বজিৎ ফুকনে। ইয়াৰ পূৰ্বে পুৱা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাই জিলা সাংবাদিক সন্থাৰ আৰু শদিয়া প্ৰেছ ক্লাবৰ সভাপতি বগেন গগৈয়ে প্ৰেছ ক্লাবৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।