নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ নৱেম্বৰ : শীতকালীন অধিৱেশনৰ প্ৰথমদিনাই উত্তাল বিধানসভাৰ মজিয়া। উল্লেখ্য যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে এন আৰ চি আৰু কেবক লৈ সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল। কিন্তু ইয়াৰ অনুমতি নিদিলে অধ্যক্ষই যাৰ বাবে সদন ত্যাগ কৰে দুয়োটা দলে।

সদন ত্যাগ কৰি বিধানসভাৰ মূল দুৱাৰতে শুই শুই প্ৰতিবাদ সাব্যস্ত কৰে দুয়োটা দলে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসম চুক্তি আখৰে আখৰে পালন কৰক , এন আৰ চিত বাদ পৰা ১৯ লাখ লোকৰ ক্ষেত্ৰত ভাৰতীয় লোক চিহ্নিত কৰাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰক আদি বিভিন্ন শ্লো গানেৰে বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে বিধায়কসকলে।