কলগাছিয়া, সংবাদ ৩৬৫, ২৮ নৱেম্বৰ : জৰাজীৰ্ণ পথৰ ফলত জীয়াতো ভুগিবলগীয়া হৈছে জনসাধাৰণ। প্ৰায় ৬ বছৰ ধৰি এটা পথৰ সলনি পুখুৰীৰ সৃষ্টি হৈ আছে এটা পথ । তথাপিও চকু মুদা কুলিৰ ভাৱত শুই আছে জনপ্ৰতিনিধি।

কলগাছিয়াৰ পৰা গুনীলগুৰি হৈ বালাগাওঁ বজাৰলৈ যোৱা পথটো পথ হৈ থকা নাই । পথটোৰ সলনি সেই স্থানত আছে পুখুৰী। ৬ বছৰ ধৰি পথটো পুখুৰী সদৃশ হৈ আছে যদিও চকু দিবলৈ সময় নাই বৰপেটাৰ সাংসদ আব্দুল খালেক, বিধায়ক হাফিজ ৰফিকুল ইছলামৰ ।

উক্ত পথটোৰ এনে দুৰৱস্থাৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে ৰাইজে । কেইবাটাও দুৰ্ঘটনাকে ধৰি চিপচিপিয়া এজাক বৰষুণতে ৰাস্তাটোত হয় একাঠু পানী। যাৰ ফলত স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰীৰ পৰা কাৰ্য্যালয়ৰ কৰ্মচাৰীৰ লগতে সাধাৰণ মানুহৰ জীৱন ব্যাহত হৈ পৰে। জনসাধাৰণৰ এনে সমস্যাৰ প্ৰতি কিন্তু তিলমানো চকু দিয়া জনপ্ৰতিনিধিয়ে । তাৰ সলনি তেওঁলোকে গভীৰ নিদ্ৰাত মগ্ন হৈ আছে।

পথৰ এনে দুৰৱস্থাৰ বাবে ৰাইজে চৰকাৰক অতি সোনকালে উক্ত পথটো মেৰামতি কৰি দিবৰ বাবে আহ্বান জনায়। উল্লেখ কৰিব পাৰি যে বহু সময়ত পথটোৰ মেৰামতিৰ বাবে জনসাধাৰণে সাংসদ, বিধায়কক অৱগত কৰি আহিছিল।