গুৱাহাটী, সংবাদ ৩৬৫, ১ অক্টোবৰ : মঙলবাৰে মহানগৰীৰ জজ্ খেলপথাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ভলীবলৰ জৰিয়তে প্লাষ্টিকমুক্ত কৰাৰ বাবে সংকল্প লোৱাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।

এই অনুষ্ঠানত প্লাষ্টিক বৰ্জনৰ কার্যসূচী লোৱাৰ লগতে অ’ এন জি চি আৰু জনতাৰ চৰকাৰৰ দ্বাৰা ১১৫খন গাঁৱক ভলীবল, বেগ আৰু বাঁহৰ ডাষ্টবিন প্ৰদান কৰা হ’ব।

ইয়াৰোপৰি গ্ৰাম্য অঞ্চলৰ শিশুসকলক ভলীবলৰ লগত জড়িত কৰাৰ বাবে গঠন হ’ব অসম ভলীবল মিছন ১০০।

অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে কয় – ” পৰিষ্কাৰকৈ থাকিলেহে এখন সুস্থ সমাজ গঢ় লৈ উঠিব। এখন ৰাম ৰাজ্য হিচাপে গঢ় লৈ উঠাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, য’ত শান্তি–সম্প্ৰীতি, স্বচ্চতা সকলোবোৰ থাকে। দেশৰ পৰিৱৰ্তন আনিবলৈ হ’লে সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব।”