গুৱাহাটী, ১৯ অক্টোবৰ, ২০২৩ : ভাৰতৰ প্ৰধান আৰু গুৰুত্বপূৰ্ণ চহৰসমূহৰ সৈতে উত্তৰ-পূৰ্ব্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মাজত ৰে’ল সংযোগ উন্নত কৰাৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে শিলচৰ লৈকে এখন আৰু আগৰতলালৈকে আন এখন ৰে’ল সেৱাৰ সম্প্ৰসাৰণৰ লগতে দুখন নতুন ৰে’ল সেৱাৰ (New Rail Service) শুভাৰম্ভ কৰা হয়। এই উপলক্ষ্যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা ক্ৰমে গুৱাহাটী আৰু আগৰতলা ৰে’ল ষ্টেচনত উপস্থিত আছিল। ৰে’ল, যোগাযোগ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তিবিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিভিন্ন ষ্টেচনত আয়োজিত শুভাৰম্ভ কাৰ্যসূচীত ভাৰ্চুৱেলি যোগদান কৰে।

বিভিন্ন ষ্টেচনত আয়োজিত এই শুভাৰম্ভ অনুষ্ঠানত সাংসদ, বিধায়ক, সংশ্লিষ্ট মণ্ডলৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ আৰু ৰাজ্যৰ অন্যান্য গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকে। বৰাক উপত্যকাৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী ষ্টেচনৰ পৰা ৰে’ল নং ১৫৬১৭/১৫৬১৮ (গুৱাহাটী-দুল্লভচেৰা-গুৱাহাটী) এক্সপ্ৰেছ ৰে’লখনৰ শুভাৰম্ভ কৰে। সাংসদ (লোকসভা) কৃপানাথ মাল্লাহ আৰু ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ দুল্লভচেৰা ষ্টেচনত উপস্থিত আছিল। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক, চেতন কুমাৰ শ্ৰীবাস্তৱ, মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গৰ সৈতে গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত আছিল৷ ৰেল নং ১৫৬১৭/১৫৬১৮ (গুৱাহাটী-দুল্লভচেৰা-গুৱাহাটী) ত্ৰি-সাপ্তাহিক এক্সপ্ৰেছ ৰে’লখনৰ নিয়মীয়া সেৱা ২১ অক্টোবৰ তাৰিখৰ পৰা সোমবাৰ, বুধবাৰ আৰু শনিবাৰে ২২:০০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনা ৯:৪৫ বজাত দুল্লভচেৰাত গৈ উপস্থিত হ’ব৷

উভতনি যাত্ৰাৰ দিশত ৰে’লখন মঙলবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰে দুল্লভচেৰাৰ পৰা ১১:১০ বজাত প্ৰস্থান কৰিব আৰু একেদিনাই ২৩:১৫ বজাত গুৱাহাটী আহি উপস্থিত হ’ব। এই নতুন ৰে’লখন অসমৰ ৰাজধানী গুৱাহাটী আৰু মিজোৰামৰ সীমান্তৱৰ্তী দুল্লভচেৰাৰ মাজত প্ৰথম পোনপটীয়া ৰেল সেৱা হ’ব। এই ৰে’ল সেৱাই অসম আৰু মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে সুগম ৰে’লভ্ৰমণৰ লগতে উন্নত ৰে’ল সংযোগ প্ৰদান কৰিব। ত্ৰিপুৰাৰ মাননীয় মুখ্যমন্ত্ৰী মানিক সাহাই ৰে’ল নং ১২৫১৯/১২৫২০ (লোকমান্য তিলক টাৰ্মিনাচ-কামাখ্যা-লোকমান্য তিলক টাৰ্মিনাচ) এক্সপ্ৰেছ ৰে’লখন আগৰতলা পৰ্যন্ত সম্প্ৰসাৰণ আৰু দৈনিক ডেমু ৰে’ল নং ০৭৬৮৮/০৭৬৮৭ (আগৰতলা-ছাব্ৰুম-আগৰতলা) ৰে’লখন আগৰতলা ৰে’লৱে ষ্টেচনৰ পৰা শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত শুভাৰম্ভ অনুষ্ঠানত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কুমাৰী প্ৰতিমা ভৌমিক, ত্ৰিপুৰা চৰকাৰৰ পৰিবহন, পৰ্যটন, খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী সুশান্ত চৌধুৰী আৰু ত্ৰিপুৰাৰ বাধাৰঘাটৰ বিধায়ক শ্ৰীমতী মিনা ৰাণী সৰকাৰো উপস্থিত আছিল।

২২ অক্টোবৰ তাৰিখ দেওবাৰৰ পৰা ৰে’ল নং ১২৫১৯/১২৫২০ (লোকমান্য তিলক টাৰ্মিনাচ-আগৰতলা-লোকমান্য তিলক টাৰ্মিনাচ) এক্সপ্ৰেছৰ সম্প্ৰসাৰিত সেৱা ০৭:৫০ বজাত লোকমান্য তিলক টাৰ্মিনাচৰ পৰা নিয়মীয়া যাত্ৰা আৰম্ভ কৰিব আৰু মঙলবাৰে ১৭:৫০ বজাত আগৰতলাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’লখন বৃহস্পতিবাৰে আগৰতলাৰ পৰা ০৭:২০ বজাত প্ৰস্থান কৰিব আৰু শনিবাৰে ১৬:১৫ বজাত লোকমান্য তিলক টাৰ্মিনাচত গৈ উপস্থিত হ’ব। এই ৰে’ল সেৱাৰ সম্প্ৰসাৰণে ত্ৰিপুৰাৰ ৰাজধানীক ভাৰতৰ পশ্চিম অংশৰ সৈতে অৰ্থাৎ মুম্বাইৰ সৈতে সংযোজিত কৰিব। ৰে’ল নং ০৭৬৮৮/০৭৬৮৭ (আগৰতলা-ছাব্ৰুম-আগৰতলা) দৈনিক ডেমু বিশেষ ৰে’লখন ২০ অক্টোবৰ তাৰিখৰ পৰা ১৩:৪০ বজাত আগৰতলাৰ পৰা প্ৰস্থান কৰি ১৫:৫৫ বজাত ছাব্ৰুমত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰেলখন ছাব্ৰুমৰ পৰা ১৬:২০ বজাত প্ৰস্থান কৰিব আৰু ১৮:৫০ বজাত আগৰতলাত গৈ উপস্থিত হব। এই ডেমু ৰে’ল সেৱাৰ প্ৰৱৰ্তনৰ ফলত ত্ৰিপুৰাৰ দূৰৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে ৰাজ্যৰ ৰাজধানী অৰ্থাৎ আগৰতলাৰ সৈতে যোগাযোগ বৃদ্ধি কৰি তুলিব। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে আগৰতলা ষ্টেচনত এখন এস্কালেটৰো উদ্বোধন কৰে যি বৰ্তমানৰ যাত্ৰীৰ সুবিধাসমূহক আৰু অধিক বৃদ্ধি কৰিব। নৱ নিৰ্মিত এই এস্কালেটৰখন ৰে’লত যাত্ৰীৰ উঠা-নমা আৰু প্লেটফৰ্ম পৰিৱৰ্তনৰ সময়ত জ্যেষ্ঠ নাগৰিক আৰু ৰোগীসকলৰ বাবে সহায়ক হ’ব।

শিলচৰলৈকে সম্প্ৰসাৰিত কৰা ৰেল নং ১২৫১৪/১২৫১৩ (গুৱাহাটী-ছেকেন্দ্ৰাবাদ-গুৱাহাটী) এক্সপ্ৰেছ ৰে’লখনো শিলচৰ ৰে’ল ষ্টেচনৰ পৰা শুভাৰম্ভ কৰা হয়। ২১ অক্টোবৰ তাৰিখ শনিবাৰে ৰে’ল নং ১২৫১৩/১২৫১৪ (ছেকেন্দ্ৰাবাদ-শিলচৰ-ছেকেন্দ্ৰবাদ) এক্সপ্ৰেছৰ সম্প্ৰসাৰিত নিয়মীয়া সেৱা ছেকেন্দ্ৰাবাদৰ পৰা ১৬:৩৫ বজাত আৰম্ভ কৰিব আৰু সোমবাৰে ২৩:২০ বজাত শিলচৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’লখন বুধবাৰে শিলচৰৰ পৰা ১৯:৫০ বজাত প্ৰস্থান কৰিব আৰু শনিবাৰে ০৩:৩৫ বজাত ছেকেন্দ্ৰাবাদত গৈ উপস্থিত হ’ব। এই নতুন ৰে’লখন দেশৰ দক্ষিণ অংশৰ চহৰ ছেকেন্দ্ৰাবাদৰ সৈতে বৰাক ভেলী (শিলচৰ)ৰ মাজত প্ৰথম পোনপটীয়া ৰে’ল সেৱা হ’ব। এই ৰে’ল সেৱাসমূহৰ সম্প্ৰসাৰণ আৰু প্ৰৱৰ্তনে উত্তৰ-পূৰ্ব্বাঞ্চলৰ পৰা দেশৰ অন্যান্য প্ৰান্তলৈ আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ ভিতৰত চিকিৎসা, শিক্ষা, ব্যৱসায় আদিৰ বাবে সঘনাই ভ্ৰমণ কৰা যাত্ৰীসকলৰ উদ্দেশ্য পূৰণ কৰিব। উপলব্ধ বিভিন্ন মাধ্যমৰ যোগেদি টিকট বিক্ৰীৰ ব্যৱস্থা ইতিমধ্যেই আৰম্ভ কৰা হৈছে।