বি টি চিৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত বি পি এফৰ ব্যাপক খহনীয়া 

যতীন নাথ মাজবাট  ১৭ আগষ্ট দুৰ্নীতিৰ পৰা পৰিত্ৰাণ বিচাৰি বি পি এফৰ কৰ্মী সকল লগতে বি টি চি বাসী ৰাইজে এতিয়া হিল-দল ভাঙি ইউ পি পি এলত যোগদান কৰিছে। ওদালগুৰি জিলাৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ ওৰাং সাপ্তাহিক বজাৰ গৃহত …

“কা”ৰ বিৰোধিতা কৰি ৰাজপথ কপালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে

গুৱাহাটী ১৭ আগষ্ট ‘কা”ৰ বিৰোধিতা কৰি ৰাজপথ কপালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। মহানগৰী গুৱাহাটীৰ নাৰেংগীৰ কলংপাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শতাধিক সদস্যই। সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিয়ে এক প্ৰতিবাদী …

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বন কৰ্মীক আক্ৰমণ চোৰাং মাছ মৰীয়াৰ

শিবেন্দু বৰা জুৰীয়া  ১৭ আগষ্ট লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বন কৰ্মীক আক্ৰমণ চোৰাং মাছ মৰীয়াৰ। ৰৌমাৰী বন শিবিৰৰ বন কৰ্মী ওচমান গণিক আক্ৰমণ চোৰাং মাছ মৰীয়াৰ। সংকটজনক অৱস্থাত বন কর্মী ওচমান গণিক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ। নগাঁও জিলাৰ লাওখোৱা বুঢ়াচাপৰি …

জালুকবাৰী আৰক্ষীৰ দিনজোৰা অভিযানৰ অন্তত বৃহৎ সাফল্য

গুৱাহাটী ১৬ আগষ্ট দেওবাৰে মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ দিনজোৰা বিশেষ অভিযান। জালুকবাৰী আৰু মালিগাঁৱৰ বিভিন্ন অঞ্চলত অভিযান চলাই জালুকবাৰী আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য। আৰক্ষীৰ মষ্ট ৱান্টেড তালিকাত নাম থকা আঠজনকৈ অপৰাধীক আটক কৰিলে জালুকবাৰী আৰক্ষীয়ে। দেওবাৰে জালুকবাৰী আৰক্ষীৰ এটা দলে …

বকোত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী : জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

বকো ১৬ আগষ্ট কামৰূপ জিলাৰ বকো আৰক্ষীৰ বৃহৎ সাফল্য। তালাচি অভিযানত নিষিদ্ধ ড্ৰাগছসহ বকো আৰক্ষীৰ জালত পৰিল দুই সৰবৰাহকাৰী। দেওবাৰে বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুপৰ্ণ বনীয়াই এক গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত বকো আগছিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচি অভিযান …

লুৰিণজ্যোতি গগৈয়ে নিজ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ আছুক ব্যৱহাৰ কৰিছে : ভাৰতীয় জনতা যুৱমৰ্চাৰ অভিযোগ

গুৱাহাটী ১৬ আগষ্ট বিগত “কা” আন্দোলনৰ সময়ৰ পৰাই কেৱল মাথোঁ নিজ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ উদ্দেশ্যৰে আছুৰ সত্বাক ব্যৱহাৰ কৰিছে লুৰিণজ্যোতি গগৈয়ে। অসমৰ জনসাধাৰণৰ আৱেগক ধুলিসাৎ কৰি ভৰিৰে মোহাৰিবলৈয়ো কুণ্ঠিত হোৱা নাই বৰ্তমানৰ আছুৰ সম্পাদক গৰাকী৷ সুদীৰ্ঘ সময় অসমৰ ছাত্ৰ সমাজক …

আদিবাসীসহ ছয় জনগোষ্ঠীৰ জনজাতি কাৰণৰ ক্ষেত্ৰত বিপিএফ দল পূৰ্বৰ পৰাই সমৰ্থন জনাই আহিছে : চন্দন ব্ৰহ্ম

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ১৬ আগষ্ট গোসাইগাঁৱৰ বান্টিঝোৰাত আদিবাসীৰ মত বিনিময় সভাত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মৰ আদিবাসীসহ ছয় জনগোষ্ঠীৰ জনজাতি কাৰণ আৰু বনাঞ্চলত বসবাস কৰা আদিবাসী সকলক মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য। বঙাইগাঁও জিলাৰ গোসাইগাঁও মহকুমাৰ ৰায়মোনাৰ …

পানীখাইতীত ব্ৰহ্মপুত্ৰ নদীৰ কালৰূপ

ফজলুৰ ৰহমান সোণতলী  ১৬ আগষ্ট দক্ষিণ কামৰূপৰ সোণতলীত ব্ৰহ্মপুত্ৰ নদীয়ে কালৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গঢ়াখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে নৈ পৰিয়া ৰাইজৰ বাবে। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ লগতে বহু লোকৰ ঘৰ। দক্ষিণ কামৰূপৰ সোণতলীৰ …

বিশেষভাৱে সক্ষম লোকৰ বাবে আমছুৱে ল’লে বিশেষ পদক্ষেপ

আনোৱাৰ হুছেইন গৰৈমাৰী ১৬ আগষ্ট বিশেষভাৱে সক্ষম লোকক সহায় কৰাৰ আমছুৰ এক দীৰ্ঘদিনীয়া সপোন স্বাধীনতা দিৱসৰ দিনাই বাস্তৱত ৰূপান্তৰিত হোৱাৰ পথত। স্বাধীনতা দিৱসৰ দিনাই বিশেষভাৱে সক্ষম লোকৰ বাবে আমছুৱে ল’লে বিশেষ পদক্ষেপ। সদৌ অসম সংখালঘু ছাত্ৰ ইউনিয়নৰ দক্ষিণ কামৰূপ জিলা …

লাম্পীৰ সীমা সমস্যাক লৈ অসম চৰকাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ওপৰত জাঙুৰ খাই উঠিছে গোৰ্খা ছাত্ৰ সন্থা

বকো ১৬ আগষ্ট অসম-মেঘেয়াল সীমান্তৰ লাম্পীৰ সীমা সমস্যাক লৈ অসম চৰকাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ওপৰত জাঙুৰ খাই উঠিছে গোৰ্খা ছাত্ৰ সন্থা। লাম্পীত যোৱা বৃহস্পতিবাৰে সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ পিছতে গোৰ্খা ছাত্ৰ সন্থাৰ মূল কমিটীৰ ২০ জনীয়া দল সম্বলিতে …