গুৱাহাটী প্ৰেছ ক্লাবত জাতীয় পতাকা উত্তোলনেৰে শ্বহীদ স্মৰণ

গুৱাহাটী, সংবাদ ৩৬৫, ১৫আগষ্ট : প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকসকলে ত্ৰিৰংগ জাতীয় পতাকা উত্তোলনেৰে দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া হেজাৰ-বিজাৰ দেশপ্ৰেমিক শ্বহীদক কৃতজ্ঞতাৰে সুঁৱৰি ৭৩তম স্বাধীনতা দিৱস উদ্‌যাপন কৰে। পতাকা উত্তোলন কৰে জেষ্ঠ্য সাংবাদিক ৰূপম বৰুৱাই । …

ফেশ্বনৰ পৃথিৱীত এজাক মূক বধিৰ কিশোৰ-কিশোৰী : ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিলে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ আগষ্ট : প্ৰবল আত্মপ্ৰত্যয়েৰে ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিলে এদল বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে । সকলো বাধাগ্ৰস্ততাক নেওচি ফেশ্বনৰ পৃথিৱীত এজাক মূক বধিৰ কিশোৰ-কিশোৰীৰ আত্মবিশ্বাসভৰা খোজত মূক হৈ পৰিল দৰ্শক । কেৱল ৰেম্পতেই নহয়, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে …

দলং নিৰ্মাণ কৰা কাম বন্ধ : ছাত্ৰ-ছাত্ৰী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

বৰপেটা, সংবাদ ৩৬৫, ১৪ আগষ্ট: বৰপেটা-বঙাইগাঁও জিলাৰ তথা গুনিয়ালগুৰী কোকিলা‌ৰ মাজত মৰামানাহ ওপৰত জামিৰুল হক খন্দকাৰ নামৰ ঠিকাদাৰজনে দলং নিৰ্মাণত লেহেমীয়া কাম আৰু নামমাত্ৰ কাম কৰি বন্ধ ৰখাত আজি ছাত্ৰ ছাত্ৰী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰে । ছাত্ৰ-ছাত্ৰীসকলৰ …

মক্কাত যোৱা দুদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত সৃষ্টি কৃত্ৰিম বানপানী

মক্কা, সংবাদ ৩৬৫, ১৪ আগষ্ট : মিনাৰ ৰাস্তা- ঘাটৰ কোনো কোনো ঠাইত একাঠু পানী হোৱাত যাতায়তৰ ক্ষেত্ৰত বিশ্বৰ লাখ লাখ হজযাত্ৰী সামান্য অসুবিধাত পৰে যদিও শান্তি পূৰ্ণভাৱে হজৰ কাম সম্পন্ন কৰে। এইক্ষেত্ৰত অসমৰ হজযাত্ৰী সকলক সহায় কৰাৰ বাবে মুম্বাইৰ আল …

চৌদি আৰৱৰ পবিত্ৰ মক্কাত পোন প্ৰথমবাৰৰ বাবে ৭৩ তম স্বাধীনতা দিৱসৰ প্ৰস্তুতি

জনীয়া, সংবাদ ৩৬৫, ১৪ আগষ্ট : পোন প্ৰথমবাৰৰ বাবে মুম্বাইৰ আল – আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত আয়োজিত ভাৰতৰ ৭৩ তম স্বাধীনতা দিৱস পালন কৰাৰ বাবে প্ৰস্তুতি চলিছে চৌদি আৰৱৰ পবিত্ৰ মক্কাত । দেশত নহয় বিদেশত স্বাধীনতা …

ভেঁকো-ভাওনাত পৰিণত চৰকাৰৰ ২৪ ঘণ্টা বিদ্যুৎ যোগান আঁচনি : ৩ দিন ধৰি বিদ্যুৎ নথকাৰ বাবে ৰাইজে ঘেৰাও কৰিলে কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ

কালগাছিয়া, সংবাদ ৩৬৫, ১৪ আগষ্ট : উৎকট গৰমে দহিছে ৰাজ্য। এই উৎকট গৰমৰ মাজতো বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ বালাৰপাথাৰ গাঁওত বিগত তিনিদিন ধৰি নাই বিদ্যুৎ। লগতে বৃহত্তৰ কলগাছিয়া এলেকাত বিদ্যুতৰ আৱশ্যক ৫ মেঘা ৱাট, কিন্তু যোগান দিয়া …

হোটেল ঋতুৰাজৰ কৰ্মচাৰীৰ মৃতদেহক লৈ পৰিয়ালৰ অভিযোগ এইয়া এক হত্যাকাণ্ড

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ আগষ্ট : যোৱা ১৩ আগষ্টত মহানগৰীৰ হোটেল ঋতুৰাজত কৰ্মচাৰী হেমেন পাঠকৰ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ । আৰক্ষীৰ প্ৰাথমিক তদন্তত এই ঘটনাক আত্মহত্যাৰ সন্দেহ । ইফালে পৰিয়ালৰ অভিযোগ এইয়া এক হত্যাকাণ্ড । উল্লেখযোগ্য যে গুৱাহাটী …

৭৩ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম চৰকাৰৰ ২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকলৈ পেঞ্চন

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ২০ গৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিকলৈ পেঞ্চন আগবঢ়াইছে ৰাজ্য চৰকাৰে । ২০১৯ ৰ ১ এপ্ৰিলৰ পৰা নিৰ্বাচিত সাংবাদিকসকলে লাভ কৰিব পেঞ্চন। তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশ কৰা হৈছে পেঞ্চন লাভ কৰা …

মহানগৰীত দিচাং হোটেলকে ধৰি এসপ্তাহৰ বাবে বন্ধ হ’ল আন কেইবাখনো হোটেল

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ আগষ্ট : মহানগৰীত অব্যাহত আছে অস্বাস্থ্যকৰ তথা অপৰিস্কাৰ পৰিৱেশত খাদ্য যোগান ধৰা হোটেলৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগৰ অভিযান। মঙলবাৰে গনেশগুৰীত পুনৰ চলিল বিভাগটোৰ অভিযানৰ অন্তত বন্ধ কৰি দিয়া হয় হোটেল গামছ ডেলিকেচী। হোটেলখনৰ বিৰুদ্ধে অস্বাস্থ্যকৰ পৰিৱেশত …

স্বাধীনতা দিৱসক লৈ কটকটীয়া কৰি তোলা হৈছে বৰঝাৰ বিমানবন্দৰ : ২০ আগষ্ট লৈ জাৰি কৰা হৈছে বিমানবন্দৰত হাই এলাৰ্ট

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন । ৭৩ সংখ্যাক স্বাধীনতা দিৱসক আদৰিবলৈ সাজু সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী । স্বাধীনতা দিৱসক লক্ষ্য কৰি যাতে কোনো দুৰ্বৃত্তই কুটাঘাত মুলক কাৰ্য কৰিব নোৱাৰে তাক লৈ সষ্টম হৈছে …